মুখ্যপৃষ্ঠা »খবৰ »অসম »‘কোনোবা ৰাজনৈতিক দলৰ পৰা সা-সুবিধা লৈছো বুলি প্ৰমাণ কৰি দেখুৱাওক?’- নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলত যোগ দিব নেকি অভিনেতা ৰবি শৰ্মাই?

‘কোনোবা ৰাজনৈতিক দলৰ পৰা সা-সুবিধা লৈছো বুলি প্ৰমাণ কৰি দেখুৱাওক?’- নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলত যোগ দিব নেকি অভিনেতা ৰবি শৰ্মাই?

 স্বাধীনতা দিৱসৰ দিনা ফেচবুক লাইভ যোগে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই।

স্বাধীনতা দিৱসৰ দিনা ফেচবুক লাইভ যোগে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই।

  • Share this:
অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা স্পষ্টবাদী বুলি সকলোৱে জানে। বিভিন্ন সময়ত ৰাজহুৱাকৈয়ে বহু কথা স্পষ্ট কৈ কয় অভিনেতাজনে। ৰাজ্যত চলা নাগৰিকত্ব সংশোধনী  আইন বিৰোধী আন্দোলনৰ সময়ত বিজেপি দল ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল অভিনেতাজন। আনকি কিয় বিজেপিত যোগ দিছিল, সেই কথাও ৰাজহুৱাকৈ কৈছিল অভিনেতাজনে।

কিন্তু আন্দোলনৰ গতি হ্ৰাস পোৱাৰ পিছতে এতিয়া বহু শিল্পীয়ে নিৰ্বাচনৰ আগত ৰাজনৈতিক দলত যোগদান কৰিবলৈ যো-জা চলাইছে। তাৰ মাজতে অভিনেতা ৰবি শৰ্মায়ো আকৌ ৰাজনৈতিক দলত যোগদান কৰিব বুলি একাংশই মন্তব্য কৰিছে। চৰ্চিত সকলোবোৰ কথাৰ ওপৰত এইবাৰ নিজে স্পষ্টীকৰণ দিছে অভিনেতাগৰাকীয়ে। স্বাধীনতা দিৱসৰ দিনা ফেচবুক লাইভ যোগে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে অভিনেতা ৰবি শৰ্মাই।



ফেচবুক লাইভ যোগে, কোনোবা ৰাজনৈতিক দলৰ পৰা অভিনেতা ৰবিয়ে সা-সুবিধা লোৱাৰ কথা প্ৰমাণ কৰিবলৈও প্ৰত্যাহ্বান জনালে। আনহাতে অসমীয়া মানুহৰ জাতীয়তাবোধ, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন, শিল্পীৰ ৰাজনৈতিক দলত যোগদান, নতুন ছবিৰ পৰিকল্পনা কৰা আদি বিভিন্ন দিশত মন্তব্য আগবঢ়াই অভিনেতাগৰাকীয়ে।

শেহতীয়া বাতৰি