
অসমীয়া কথাছবি জগতৰ পিতামহ মহীৰূহ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত দুধনৈত শোক প্ৰকাশ কৰিলে অভিনেতা নয়ন নীলিমে৷
অসমীয়া কথাছবি জগতৰ পিতামহ মহীৰূহ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত দুধনৈত শোক প্ৰকাশ কৰিলে অভিনেতা নয়ন নীলিমে৷
অসমীয়া কথাছবি জগতৰ পিতামহ মহীৰূহ অভিনেতা নিপন গোস্বামীৰ মৃত্যুত দুধনৈত শোক প্ৰকাশ কৰিলে অভিনেতা নয়ন নীলিমে৷ আজি দুধনৈত নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে৷ এই সম্পৰ্কত নয়ন নীলিমে সংবাদ মাধ্যমক কয় যে নিপন গোস্বামীৰ মৃত্যু অসমীয়া কথাছবি জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ নিপন গোস্বামীৰ লগত বহু কাম কৰা বুলি কয় নয়ন নীলিমে৷ অসমীয়া কথাছবি জগত খনক আগুৱাই লৈ যোৱাৰ বাবে নিপন গোস্বামীয়ে অহৰহ কাম কৰি গৈছিল৷ অসমীয়া কথাছবিক জনপ্ৰিয় কৰি তুলিবলৈ গাঁৱে ভূঞে মিনি চিনেমাহল বনোৱাৰ কথা সদায় কৈ আহিছিল৷ “ড° বেজবৰুৱা” দ্বিতীয় কথাছবিখন সম্পূৰ্ণ কৰাৰ যি সপোন সেই সপোনক বৰ্তমান প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী সকলেই বাস্তবত পৰিণত কৰিব লাগিব৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|