বহুদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে ৰাওনা হ'ল মুম্বাইলৈ। দীৰ্ঘদিন ধৰি মহানগৰীৰ 'হেলথ চিটি' নামৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল তেওঁ। জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় এমাহ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল যুৱ অভিনেতা কিশোৰ দাস (Actor Kishor Das)।
চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি আজি উন্নত চিকিৎসাৰ বাবে যুৱ অভিনেতা কিশোৰ দাস ৰাওনা হ'ল মুম্বাইলৈ। মুম্বাইত বিশেষ চিকিৎসা গ্ৰহণ কৰিবৰ বাবে অভিনেতা কিশোৰ ৰাওনা হোৱাৰ প্ৰাকমুহুৰ্তত বৰঝাৰ বিমানবন্দৰত আত্মীয়, সহযোগী, শুভাকাংক্ষীয়ে শুভেচ্ছা জনায় (Actor Kishor Das going to Mumbai for better treatment)।
বিমানবন্দৰতে আলিংগন কৰি মৰম যাচে সহযোগীসকলে। মুম্বাইলৈ যোৱাৰ আগমুহুৰ্তত অসমৰ ৰাইজে অভিনেতাজনক আৰ্থিকভাৱে আগবঢ়োৱা সহায়ৰ বাবে সকলোকে ধন্যবাদ জনায় কিশোৰ দাসে । "এতিয়াও মানুহে মানুহৰ বাবে ভাবে" বুলি মন্তব্য কৰে তেওঁ। পূৰ্বতকৈ বহুগুণে সুস্থ হৈ উঠিছে বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।
শুভাকাংক্ষীসকলেও অভিনেতাজন অতি সোনকালে সুস্থ হৈ আহক বুলি সকলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ অনুৰোধ জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|