RSSৰ ওচৰত স্বীকাৰ কৰিলে নিজৰ ভুল! দুই-এদিনতে বিজেপিত যোগদান কৰিব ‘অভিনেতা’ যতীন বৰাই!

News18 Assam | News18-Assam
Updated:August 12, 2020, 10:39 AM IST
RSSৰ ওচৰত স্বীকাৰ কৰিলে নিজৰ ভুল! দুই-এদিনতে বিজেপিত যোগদান কৰিব ‘অভিনেতা’ যতীন বৰাই!
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ সলনি হ’ল মন!

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ সলনি হ’ল মন!

  • Share this:
‘কা নামানো, নামানো, নামানো! অসমীয়া ৰাইজৰ পক্ষত আছো মই।’ -নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ সলনি হ’ল মন! নিজৰ ভুল স্বীকাৰ কৰি পুনৰ গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা। ইতিমধ্যে দলৰ মজিয়ালৈ ঘূৰি আহিবলৈ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাষ চাপি নিজৰ ভুল স্বীকাৰ কৰিছে অভিনেতা যতীনে ৷

বহুকেইজন মন্ত্ৰীৰ কাষ চাপিও দললৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে ৷ ৰাজ্যিক নেতৃত্বৰ সেউজ সংকেত লাভ কৰা যতীন বৰাই শেহতীয়াকৈ টীম ৰণজিৎ দাসকো অভিনন্দন জনাইছিল ৷ বিজেপিৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ পৰামৰ্শৰ ভিত্তিত শীঘ্ৰেই এখন সংবাদমেল সম্বোধন কৰি নিজৰ ভুল স্বীকাৰ কৰি বিজেপিত পুনৰ যোগদান কৰিব অভিনেতা যতীন বৰাই ৷

কেৱল যতীন বৰাই নহয়, উজনিৰ বহুকেইজন কা-বিৰোধী সংগঠনৰ নেতাই যোগ দিব বিজেপিত ৷

উল্লখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰতিবাদত বিজেপি ত্যাগ কৰা যতীন বৰাই দুদিন পিছতেই বিজেপিৰ নেতাৰ দুৱাৰে দুৱাৰে ঘূৰি আকৌ দলত যোগদান কৰিব বিচাৰিছে বুলি চৰ্চা চলিছিল। বিজেপি বিধায়ক পদ্ম হাজৰিকাই ৰাজহুৱাকৈ অভিনেতা যতীন বৰাৰ প্ৰতিবাদী সত্ত্বাক তীক্ষ্ন সমালোচনা কৰিছিল।

চল চাই কঠিয়া পৰাত সিদ্ধহস্ত বুলি সততে অভিযোগ উঠা যতীন আকৌ বিজেপিত যোগদান কৰিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসে কেইদিনমান পূৰ্বে সাংবাদ মাধ্যমক জনাইছিল। সংবাদমেলত দাসে জুবিন গাৰ্গ আৰু বিপিন চাউদাঙৰো মন সলনি হৈছে তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰিছিল। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত যতীন বৰাই বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে বুলিও চৰ্চা চলি আছে।
Published by: Himangshu Bhuyan
First published: August 12, 2020, 10:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading