உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আপুনি অভিনেতাই হৈ থাকক’- অভিনেতা যতীন বৰাই ৰাজ্যিক বিজেপিৰ নতুন সমিতিক দিলে শুভেচ্ছা, ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা

    ‘আপুনি অভিনেতাই হৈ থাকক’- অভিনেতা যতীন বৰাই ৰাজ্যিক বিজেপিৰ নতুন সমিতিক দিলে শুভেচ্ছা, ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা

    আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা

    আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা

    আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা

    • Share this:
    ঘোষণা হ’ল ৰাজ্যিক বিজেপিৰ নতুন সমিতি। টীম ৰণজিত্‍ দাসত চামিল হ’ল বহু কেইখন নতুন মুখ। কিন্তু ছচিয়েল মিডিয়াত বিজেপিৰ নতুন সমিতিক শুভেচ্ছা জনাই যেন এতিয়া আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল জনপ্ৰিয় অভিনেতা যতীন বৰা। নিজৰ অফিছিয়েল ফেচবুক পেজৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ নতুন সমিতিক শুভেচ্ছা জনোৱাৰ পিছতে অভিনেতা যতীন বৰাক ‘নেতাৰ পৰিৱৰ্তে অভিনেতা’ হৈ থাকিবলৈয়ে আহ্বান জনালে বহুজনে।



    উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ৰাইজৰ ৰোষত পৰা যতীন বৰাই ঘোষণা কৰিছিল যে, তেওঁ কা বিৰোধিতা কৰি চলচিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ লগতে বিজেপিৰ পৰাও পদত্যাগ কৰিলে।’ কিন্তু তাৰ পিছতে আকৌ বিজেপিত চামিল হ’বলৈ বহু নেতাৰ দুৱাৰে দুৱাৰে অভিনেতাজন ঘূৰিছিল বুলি  শাসক-বিৰোধী পক্ষৰ নেতাই ৰাজহুৱাকৈ জনাইছিল। আনকি বিধায়ক পদ্ম হাজৰিকাই যতীন বৰাৰ দৰে লোকে আন্দোলন কৰিলে শোভা নাপাই বুলিও তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

    এনেবোৰ বিতৰ্ক মাৰ নৌযাওতেই অভিনেতা যতীন বৰাই ৰাজ্যিক বিজেপিৰ নতুন সমিতিক ছচিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা দিয়া কাৰ্যই বিশেষ তাত্‍পৰ্যবহন কৰিছে।
    Published by:Himangshu Bhuyan
    First published: