‘এতিয়াহে বুজিছো, মোৰ TRP আছে কাৰণেই মোৰ কথা বাৰে বাৰে চৰ্চিত হয়’, নিজৰ কেৰিয়াৰকলৈও আত্মবিশ্বাসী যতীন বৰা

News18 Assam | News18-Assam
Updated:September 28, 2020, 3:22 PM IST
‘এতিয়াহে বুজিছো, মোৰ TRP আছে কাৰণেই মোৰ কথা বাৰে বাৰে চৰ্চিত হয়’, নিজৰ কেৰিয়াৰকলৈও আত্মবিশ্বাসী যতীন বৰা
"কা" আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি পুনৰ বিজেপিলৈ উভতি য়োৱাৰ পিছতে সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছিল অভিনেতা যতীন বৰা।

"কা" আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি পুনৰ বিজেপিলৈ উভতি য়োৱাৰ পিছতে সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছিল অভিনেতা যতীন বৰা।

  • News18 Assam
  • Last Updated: September 28, 2020, 3:22 PM IST
  • Share this:
‘TRP আছে বাবেই বাৰে বাৰে মোৰ কথা চৰ্চিত হয়। এতিয়া মই লাহে লাহে বুজি পাইছো যে, আগন্তুক বৰ্ষত মই থিয়েটাৰ বা চিনেমা কৰিলে ৰাইজে পুনৰ আঁকোৱালি ল'ব। সংবাদ মাধ্যমো মোৰ পিছে পিছে যাব।"- এই মন্তব্য যতীন বৰাৰ।

"কা" আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি পুনৰ বিজেপিলৈ উভতি য়োৱাৰ পিছতে সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছিল অভিনেতা যতীন বৰা।বহুতে যতীন বৰাক কটু সমালোচনা কৰিছিল। বিৰোধী ৰাজনৈতিক দল, জাতীয় সংগঠন আনকি বিজেপিৰ একাংশ নেতাৰো তীব্ৰ কটাক্ষৰ সন্মুখীন হৈছিল অভিনেতা যতীন। ‘কা’ আন্দোলনৰ সময়ত বিজেপি আৰু চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ পদৰ পৰা অব্যাহতি লোৱা যতীন বৰাক বিজেপিয়ে পুনৰ আদৰি লৈছিল যদিও অভিনেতা জনে ঘূৰাই পোৱা নাছিল চলচিত্ৰ নিগমৰ অধ্যক্ষৰ আসন। যতীন বৰাৰ পৰিৱৰ্তে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক চলচিত্ৰ নিগমৰ অধ্যক্ষৰ পদত নিযুক্তি দিলে বিজেপি চৰকাৰে।

ইয়াৰ পিছতে পুনৰ সংবাদ মাধ্যমত যতীন বৰাক লৈ চলিল চৰ্চা। কিন্তু বাৰে বাৰে সংবাদ মাধ্যমত নেতিবাচক প্ৰচাৰৰ সন্মুখীন হোৱা যতীন বৰাই এইবাৰ মুখ খুলিলে। সেয়েহে তেওঁ সংবাদ মাধ্যমক উদ্দেশ্য কৰি ক'লে, তেওঁৰ টিআৰপি আছে বাবেই বাৰে বাৰে তেওঁ সংবাদ মাধ্যমত চৰ্চিত হয়। সেয়েহে তেওঁৰ বিশ্বাস, আগন্তুক বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰ অথবা চিনেমাত অভিনয় কৰিলে ৰাইজে তেওঁক পুনৰ আদৰি ল'ব। সেইদৰে  সংবাদ মাধ্যমেও অনুসৰণ কৰিব।
Published by: Himangshu Bhuyan
First published: September 28, 2020, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading