‘CAA আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল’-মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপিমুখী হ’ল অভিনেতা যতীন বৰা

News18 Assam | News18-Assam
Updated:August 17, 2020, 7:36 PM IST
‘CAA আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল’-মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপিমুখী হ’ল অভিনেতা যতীন বৰা
‘CAA আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল’

‘CAA আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল’

  • Share this:
সোমবাৰে সংবাদমেল সম্বোধন কৰি আকৌ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিলে অভিনেতা যতীন বৰাই। অভিনেতা যতীন বৰাই নাগৰিকত্ব সংশোধনী আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰা সিদ্ধান্ত আবেগিক আছিল বুলি উল্লেখ কৰি কয় যে, ‘Caaৰ আন্দোলনত ভাগ লোৱাটো আৱেগিক সিদ্ধান্ত আছিল। আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হ’ল। একাংশই এতিয়া ৰাজনৈতিক দল গঠন কৰিব। আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু আই এম ডি টি এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম লোৱা AIUDFএ এতিয়া অসমীয়াৰ জাতীয়তাবাদৰ পক্ষ লৈছে।  মোৰ আৱেগিক সিদ্ধান্ত আছিল। অসমত বিজেপিৰ বিকল্প নাই।’



যতীন বৰাই লগতে কয় যে, ‘ৰাজনীতিক লৈ মোৰ কোনো আকাংক্ষা নাই।

মই বিজেপিলৈ অহাৰ কোনো ৰাজনৈতিক কাৰণ নাই। কেৱল শিল্পী সকলৰ হিতৰ বাবেহে আহিব বিচাৰো। ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত  মই ক্ষমাপ্ৰাৰ্থী। মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ কাষত ক্ষমাপ্ৰাৰ্থী।’ বিজেপিত মই এতিয়াও আছো, আগলৈও থাকিম।’
Published by: Himangshu Bhuyan
First published: August 17, 2020, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading