মঙলদৈৰ SRD গ্রুপৰ ফালৰ পৰাও আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়াত ৰাহুল দাসৰ পত্নীৰ কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।
মঙলদৈৰ SRD গ্রুপৰ ফালৰ পৰাও আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়াত ৰাহুল দাসৰ পত্নীৰ কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।
মঙলদৈ চহৰৰ জ্যোতি নগৰ নিবাসী খাপলাংকাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ গৃহত উপস্থিত হৈ পত্নী মহিলা দাসক সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে অভিনেতা যতীন বৰাৰ লগতে জে বি প্ৰডাকচনৰ কৰ্মকতা সকলে। লগতে মঙলদৈৰ SRD গ্রুপৰ ফালৰ পৰাও আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰয়াত ৰাহুল দাসৰ পত্নীৰ কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে।
উল্লেখ্য যে, খাপলাং কাই খ্যাত ৰাহুল দাসৰ মৃত্যুৰ পিছত পৰিয়াটো তীব্ৰ আৰ্থিক সংকটত ভুগিছিল। এই বাতৰি সম্প্ৰচাৰ হৈছিল NEWS18 অসম NORTHEASTত। আৰু ইয়াৰ পিছতেই বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালটোক।
শুকুৰবাৰে মঙলদৈৰ ৰাহুল দাসৰ বসগৃহত উপস্থিত হল "ৰত্নাকৰ" টিম আৰু SRD গ্ৰুপ ।অভিনেতা যতীন বৰাৰ উদ্যোগত আৰু জে বি প্ৰডাকচনৰ সহযোগত যতীন বৰাৰ পত্নী নৱনিতা শৰ্মা বৰা , জে বি প্ৰডাকচনৰ প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য্যৰ লগতে
SRD গ্রুপৰ সঞ্চালক মঙ্গলদৈৰ বিশিষ্ট ব্যৱসায়ী ৰাজীৱ ডেকাই ৰাহুল দাসৰ পত্নীক সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। লগতে সকলো সময়তে খাপলাং কাই খ্যাত প্ৰয়াত ৰাহুল দাসৰ পত্নী মহিলা দাসক সহায় কৰি যাব বুলি জনালে যতীন বৰাৰ পত্নী নৱনিতা শৰ্মা বৰাই।
অসমৰ সফল ব্যৱসায়িক ছবি "ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙ্গলদৈৰ ভেবাৰঘাট নিবাসী অসমৰ স্বনামধন্য নাট্যকাৰ ,গীতিকাৰ, অভিনেতা হেমন্ত দত্তৰ বাসভৱনতো উপস্থিত হৈ অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে জে বি প্ৰডাকচনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
সাংবাদিকেৰে হোৱা বাৰ্তালাপত অচিৰেই জে বি প্ৰডাকচনৰ বেনাৰত অসমীয়া ছৱিৰ কাম আৰম্ভ হ’ব বুলি জনাই বিশিষ্ট অভিনেতা যতীন বৰাই। ইফালে যতীন বৰাৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ হেমন্ত দত্তই আৰু এবছৰ আয়ুস বাঢ়িল বুলি প্ৰকাশ কৰে। এনেকুৱা মৰম বোৰে আমাৰ দৰে শিল্পী সকলৰ ঔষধ, সুষম খাদ্যৰ দৰেই কাম কৰে বুলি কয় হেমন্ত দত্তই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|