১৬ আগষ্টত বিজেপিত যোগদানৰ সম্ভাৱনা জনপ্ৰিয় অভিনেতা যতীন বৰাৰ। কিন্তু যোগদানৰ প্ৰাকক্ষণত অভিনেতাজনৰ বিজেপি আগমণত বাধা ৰূপে থিয় দিয়ে প্ৰাক্তন সাংসদ, বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা। পুনৰ বিজেপিত যোগদান কৰিবলৈ চেষ্টা চলোৱা যতীনৰ বিৰুদ্ধে সৰব হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকগৰাকী।
ৰমেন ডেকাই কয় যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত দল এৰা কোনো লোককে আদৰি লব নালাগে। যিসকল লোকে সেই সময়ত দল এৰি গৈছিল তেওঁলোক সুবিধাবাদী।’
১৬ আগষ্টত সংবাদমেল যোগে দল এৰি যোৱাটো ভুল আছিল বুলি কয় নিজকে শুদ্ধ কৰিব যতীন বৰাই! ৰমেন ডেকাই অভিনেতাজনক পুনৰ বিজেপিত আদৰি লোৱাত বিৰোধিতা কৰাৰ পিছত এতিয়া ৰাজ্যিক বিজেপিয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত বিজেপি ত্যাগ কৰা অভিনেতা যতীন বৰাই আন্দোলন গতি হ্ৰাস পোৱাৰ পিছত পুনৰ বিজেপিত চামিল হ’ব খোজাত অভিনেতা যতীনৰ চৰম 'সুবিধাবাদী মানসিকতা' প্ৰকাশ পোৱা বুলি মন্তব্য কৰিছে বহুতে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 15, 2020, 10:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।