কলিয়াবৰৰ উলুৱনিত গ্ৰীষ্মকালীন নাট কৰ্মশালা। সপ্তৰ্ষি পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত অসম নাট্য সন্মিলনৰ কলিয়াবৰ শাখাৰ সহযোগত উলুৱনি গাঁৱত দেওবাৰে শুভাৰম্ভ হয় পোন্ধৰদিনীয়া নাট কৰ্মশালাৰ (Summer Drama Workshop in Kaliabor)।
নাট কৰ্মশালাৰ শুভৰাম্ভণী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট পৰিচালক, নাট্যকাৰ, অভিনেতা অৰূপ বৰঠাকুৰ আৰু বিশিষ্ট অভিনেতা, পৰিচালক ব্ৰজেন বৰা (Actor Brajen Bora) ।
নৱপ্ৰজন্মৰ কণ কণ শিশু, যুৱক-যুৱতীসকলক নাট্য-শিল্পৰ প্ৰতি আকৃষ্ট কৰি নাট্য-শিল্পৰ প্ৰতিটো দিশত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে নাট্য কৰ্মশালাৰ।
স্থানীয় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে দেওবাৰৰ পৰা আৰম্ভ হোৱা এই পোন্ধৰ দিনীয়া নাট কৰ্মশালাত। কৰ্মশালাৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাকে প্ৰমুখ্য কৰি স্থানীয় কেইবাগৰাকীও নাট্যকাৰ, নাট্যকৰ্মী।
অসমীয়া ছবিয়ে পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালকৈ দৰ্শকে আদৰি লোৱা ছবি নিৰ্মাণ কৰিবলৈ অসমীয়া ছবি নিৰ্মাতাসকলক আহ্বান জনায় বিশিষ্ট অভিনেতা, পৰিচালক ব্ৰজেন বৰাই। অসমৰ অভিনয়, নাট্য শিল্প জগতখন প্ৰতি চৰকাৰৰ বহু কৰণীয় আছে বুলি মন্তব্য কৰে বিশিষ্ট অভিনেতা, পৰিচালক ব্ৰজেন বৰাই।
Published by: Gautam Barman
FIRST PUBLISHED : July 10, 2022, 21:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।