এয়া আচলতে আপোনাৰ পুৰুষসুলভ চিন্তা... নিজৰ বিয়াক লৈ এইকেইদিন বিভিন্ন প্ৰশ্নৰ উত্তৰ হাঁহিমুখেৰে দি অহা বৰষা ৰাণী বিষয়াৰ ক্ষোভ এখন ৰাজহুৱা সভাত। কৰ্তব্যনিষ্ঠা আৰু বৰষাৰ দ্বিতীয় বিবাহক লৈ সোধা এটা অবান্তৰ প্ৰশ্ন সমজুৱাকৈ তুলি ধৰিছিল দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। পিছে স্পষ্টবাদী বৰষাই প্ৰশ্নটোত বিব্ৰত নহৈ সৱলৰূপে উত্তৰ দিলে যে দিনটো ৰাইজৰ কাম কৰি নিশা ঘৰলৈ ঘুৰি গৈ এজন সংগী কাষত বিচৰাটো ভুল হ’ব নোৱাৰে। জাতীয় দায়িত্ব যেনেকৈ আগৰে পৰা পালন কৰি আছো তেনেকৈ কৰি যাম। সভাপতিৰ ব্যক্তব্যক পৰৱৰ্তী সময়ত মঞ্চতে বিষয়ববীয়াই তেওঁৰ নিজা মন্তব্য আখ্যা দি কৈফিয়ৎ দিয়ে।
কিন্তু এইখিনিতে মনলৈ আহে সমাজত এনে হাজাৰজনী বৰষাক এনেকৈ কিমান হাজাৰজনে হয়তো এনেধৰণৰ অবান্তৰ প্ৰশ্ন–সমালোচনাৰে থকা–সৰকা কৰি আছে। সকলোৰে হয়তো স্পষ্টকৈ প্ৰতিবাদ কৰিবলৈও সাহসৰ অভাৱ। ফলত সাৰি যায় এই পুৰুষতন্ত্ৰৰ ঠিকাদাৰবোৰ। এই ঠিকাদাৰবোৰৰহে সমস্যা কেনেকৈ কোনোবা নাৰীয়ে দ্বিতীয় বিবাহ কৰিব পাৰে! কেনেকৈ কোনোবাই নিজতকৈ বয়সত সৰু পুৰুষৰ সৈতে বিয়াত সোমাব পাৰে!
আমাৰ আচলতে সমস্যাটো ক’ত? কিয় আমি কাৰোবাৰ ব্যক্তিগত জীৱনৰ সিদ্ধান্তসমূহ সমৰ্থন কৰিবলৈ নিশিকিলো। এগৰাকী স্বামীহাৰা নাৰীয়ে (অভিনেত্ৰীৰ পৰিচয় বাদ দিয়ক!) দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ হ’বলৈ লোৱা কাৰ্যই কিয় ইমান প্ৰশ্নৰ সন্মুখীন হৈছে আৰু ইয়াৰ পৰা কোনখন মহাভাৰত অশুদ্ধ হৈছে? নিউজিলেণ্ডত এগৰাকী অবিবাহিতা মাতৃ জেচিণ্ডা আৰদেনে সন্তানক বুকুৰ গাখীৰ খোৱাই প্ৰধানমন্ত্ৰী হৈ দেশ চলোৱাৰ ছবিয়ে আহ্লাদিত কৰা সমাজখনেই এতিয়া এগৰাকী স্বতন্ত্ৰ নাৰীৰ স্বতন্ত্ৰ সিদ্ধান্তক লৈ নানানটা মত পোষণ কৰা কাৰ্যই এটাই সিদ্ধ কৰিছে যে আমাতকৈ ডাঙৰ হিপ’ক্ৰেট আৰু হয়তো কোনো নাই।
পুৰুষতন্ত্ৰ যে কেৱল পুৰুষে জীয়াই ৰাখিছে তেনে নহয়, পুৰুষৰ উচাত্মিকা মনোভাৱক শতিকা শতিকা জুৰি লালন–পালন কৰি আহিছে পশ্চাদগামী চিন্তাৰ একাংশ নাৰী–পুৰুষ উভয়ে। ২১শতিকাৰ মাজভাগত এগৰাকী আত্মনিৰ্ভৰশীল, নিজৰ পৰিচয়ৰে সমাজত উদ্ভাসিত মহিলাইও যেতিয়া একান্ত ব্যক্তিগত এটা সিদ্ধান্তত সমাজৰ মৰেল ঠিকাদাৰসকলক কৈফিয়ৎ দিবলগীয়া হয় তাতকৈ হয়তো বেদনাদায়ক কাণ্ড এগৰাকী সম অধিকাৰত বিশ্বাসী ব্যক্তিৰ কাৰণে একো হ’ব নোৱাৰে। জানি বা নাজানি প্ৰজন্মৰ পিছত প্ৰজন্মই নাৰীৰ দায়িত্ব, কৰ্তব্য আৰু ভূমিকাক এনেকৈ শিলৰ খুঁটিৰে বান্ধি ৰাখিছে যে তাৰ পৰা এচুলিমানো লৰক–ফৰক হ’লে সমগ্ৰ পুৰুষতান্ত্ৰিক সমাজখনৰ ভেঁটি কম্পমান হৈ পৰে।
বৰষালৈ শুভেচ্ছা আৰু ৰাইজলৈ অনুৰোধ বৰষা ৰাণী বিষয়াক অভিনেত্ৰী হিচাপে নহয় এগৰাকী নাৰী হিচাপে সমৰ্থন কৰক। কেৱল বৰষা কিয় অকালতে স্বামী হেৰুৱা আপোনাৰ নিজৰ বা চিনাকী বাই–ভনীকো নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ উৎসাহ দিয়ক, সমৰ্থন দিয়ক। তেওঁলোকক জীয়া জুইকুৰা বুকুত বান্ধি জীৱনটো অকলশৰে কটাবলৈ বাধ্য কৰোৱাসকলক নাৰকী হিচাপে ধিক্কাৰ দিয়ক।
FIRST PUBLISHED : February 03, 2021, 10:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|