உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভুল–অসত্য বাতৰি তথা অপপ্ৰচাৰ চলোৱা ৱেব প’ৰ্টেল বা ছচিয়েল মিডিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে

    ভুল–অসত্য বাতৰি তথা অপপ্ৰচাৰ চলোৱা ৱেব প’ৰ্টেল বা ছচিয়েল মিডিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে

    ভুৱা খবৰ বা অপপ্ৰচাৰ বিয়পোৱা এনে মাধ্যমৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অধীনত গোচৰ ৰুজু কৰিব বুলিও জানিবলৈ দিয়ে মুখ্য সচিবগৰাকীয়ে।

    • Share this:
    এতিয়াৰে পৰা ভুল আৰু অসত্য বাতৰি তথা অপপ্ৰচাৰ চলোৱা ৱেব প’ৰ্টেল বা ছচিয়েল মিডিয়াৰ বিৰুদ্ধে চৰকাৰে ল’ব ব্যৱস্থা। অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই সন্দৰ্ভত শুকুৰবাৰে আলোচনা কৰে তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া আৰু সঞ্চালক অনুপম চৌধুৰীৰ সৈতে। আলোচনাৰ কালত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হোৱা একাংশ নিউজ ৱেব প’ৰ্টেল আৰু ইয়াত প্ৰকাশিত অসত্য তথা উদ্দেশ্যপ্ৰণোদিত বাতৰিৰ সন্দৰ্ভত চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ কথা সদৰি কৰে বিষয়াসকলে।

    ইয়াৰ ফলত নতুন প্ৰজন্মৰ মাজত তথা সমাজত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে বুলিও কয় আলোচনাত অংশ লোৱা বিষয়াসকলে। মুখ্য সচিবগৰাকীয়ে এনে ৱেব প’ৰ্টেল আৰু ছচিয়েল মেিডিয়াসমূহক নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ভুৱা খবৰ বা অপপ্ৰচাৰ বিয়পোৱা এনে মাধ্যমৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অধীনত গোচৰ ৰুজু কৰিব বুলিও জানিবলৈ দিয়ে মুখ্য সচিবগৰাকীয়ে।
    First published: