ACS প্ৰদীপ কুমাৰ তালুকদাৰক নিলম্বন। আজি তালুকদাৰক নিলম্বন কৰে ৰাজ্য চৰকাৰে।কৰিমগঞ্জৰ ভূমি কেলেংকাৰীৰে জড়িত আছিল ACS বিষয়াগৰাকী। সূতাৰকান্দি সমন্বিত চেক গে’টত অবৈধভাৱে ভূমি আবণ্টন কৰাৰ গুৰুতৰ অভিযোগ তালুকদাৰৰ বিৰুদ্ধে। লেণ্ড প’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াই নিৰ্মাণ কৰিছিল চেক গে’টখন। কেলেংকাৰীৰ সময়ত DC ৰূপে কৰ্মৰত আছিল তালুকদাৰ। ২৯ জুনৰ পৰা কাৰ্যালয়ত উপস্থিত নাই তালুকদাৰ। বৰ্তমান ৰাজ্যৰ সমবায় বিভাগত কৰ্মৰত হৈ আছে প্ৰদীপ কুমাৰ তালুকদাৰ। তৎকালে বলৱত্ হোৱাকৈ নিলম্বন তালুকদাৰক।
Published by: Dulu Medhi
FIRST PUBLISHED : July 19, 2019, 22:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।