বিতৰ্কত সমাজ কল্যাণ বিভাগ, IAS বিষয়াৰ ঠাইত সঞ্চালক পদত বহুৱাই ৰাখিছে অসম অসামৰিক সেৱাৰ বিষয়াক
সংবাদমেলত সমাজকল্যাণৰ সঞ্চালকৰ বিৰুদ্ধে সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ।
সংবাদমেলত সমাজকল্যাণৰ সঞ্চালকৰ বিৰুদ্ধে সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ।
- News18 Assam
- Last Updated: September 4, 2021, 10:36 PM IST
সততে বিতৰ্কত থকা সমাজ কল্যাণ বিভাগত ইটোৰ পিছত সিটো অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়াকৈ ভাৰতীয় প্ৰশাসনিক ১৯৫৪ সেৱা বিধি উলংঘা কৰি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ ঠাইত অসম অসামৰিক সেৱাৰ বিষয়া বিভাস চন্দ্ৰ মোদীক সমাজ কল্যাণ বিভাগত সঞ্চালক হিচাপে নিযুক্তি দিয়া কাৰ্যক অসাংবিধানিক বুলি অভিযোগ তুলিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে৷
আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিদ্যুৎ কলিতাই কয় যে সমাজ কল্যাণৰ সঞ্চালক পদত অধিস্হিত হ'বলৈ হ'লে সেৱা বিধিত থকা স্পষ্ট নীতি অনুসৰি ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া অসম মেঘালয়ত মুঠ ১৩৫টা IAS পদৰ ভিতৰত এজন হোৱাটো বাঞ্ছনীয়৷ লগতে সেৱা বিধিত উল্লেখিত ৯নং এ দফা অনুসৰি যদিহে ৰাজ্যখনত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ অভাৱ হয়, তেন্তে সেই ঠাইত তিনি মাহৰ বাবে ৰাজ্যৰ প্ৰশাসনিক বিষয়াক নিযুক্তি দিব পাৰে৷
কিন্তু তিনি মাহ উকলাৰ পূৰ্বে নিদিষ্ট ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াক নিযুক্তি দিয়াটো বাধ্যতামূলক৷ যদিহে তিনি মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ ওচৰত তেনে বিষয়াৰ অভাৱ হয়, তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সেৱা বিষয়াৰ কাৰ্যকাল বৃদ্ধি কৰিবলৈ হ'লে চৰকাৰে কেন্দ্ৰৰ পৰা তিনি মাহৰ পূৰ্বে অনুমোদন ল'ব লাগে৷ কিন্তু সকলো নিয়ম ভৰিৰে মোহাৰি চৰকাৰখনে কেৱল মুনাফাৰ বাবেই বিতৰ্কিত ব্যক্তি এজনক সঞ্চালক পদত বহুৱাই ৰখাটো ৰহস্যজনক বুলি মন্তব্য আগবঢ়াই সংগঠনটোৰ নেতৃবৰ্গই৷
উল্লেখ্য যে সততে বিতৰ্কৰ আৱৰ্তত থকা বিভাস মোদীক ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতে সমাজ কল্যাণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ সঞ্চালকৰ দৰে দায়িত্ব অৰ্পণ কৰি তিনি মাহ উকলি যোৱাৰ পিছতো অসমত বহু ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া থকাৰ লগতে খোদ সমাজ কল্যাণ বিভাগটোতে তিনি গৰাকীকৈ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াই বৰ্তমানো কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো সঞ্চালকপদত নিযুক্তি দিয়ে বিভাস মোদীক ৷ ইপিনে অজন্তা নেওগক জয়ী কৰোৱাৰ বাবে মুখ্য ভূমিকা পালন কৰা বুলি নিজকে দাবী কৰা বিভাস চন্দ্ৰ মোদীক প্ৰকৃততে সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে এয়া উপহাৰ দিলে নেকি বুলিও সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে৷













