যোৰহাটৰ ভোগদৈ নদীৰ পানীত হৈছে ভয়ংকৰ পৰিৱৰ্তন, বোৱঁতী নদীৰ পানী হৈছে আম্লিক, এচিডৰ পৰিমাণো বৃদ্ধি

News18 Assam | News18-Assam
Updated:June 10, 2021, 6:33 PM IST
যোৰহাটৰ ভোগদৈ নদীৰ পানীত হৈছে ভয়ংকৰ পৰিৱৰ্তন,  বোৱঁতী নদীৰ পানী হৈছে আম্লিক, এচিডৰ পৰিমাণো বৃদ্ধি
নদীৰ পানীত আইৰন আৰু মেংগানিজ বহু পৰিমাণে বৃদ্ধি পোৱাটো অনুসন্ধানৰ বিষয় বুলি ক'লে পয়ঃপ্ৰণালী পৰিষদৰ অভিযন্তা কুমুদ দাসে।

নদীৰ পানীত আইৰন আৰু মেংগানিজ বহু পৰিমাণে বৃদ্ধি পোৱাটো অনুসন্ধানৰ বিষয় বুলি ক'লে পয়ঃপ্ৰণালী পৰিষদৰ অভিযন্তা কুমুদ দাসে।

  • Share this:

ভয়ংকৰভাৱে প্ৰদূষিত হৈছে যোৰহাটৰ ভোগদৈ নদীৰ পানী । বহু লোকে পানীৰ বাবে নিৰ্ভৰ কৰি অহা এই নদীখনৰ পানীত ভয়ানকভাৱে এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে ব্যাপক হাৰত পোৱা গৈছে মেংগানিজৰ উপস্থিতি। এই ঘটনাই বৰ্তমান আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজৰ  লগতে পানীৰ বাবে ভোগদৈৰ ওপৰত নিৰ্ভৰ কৰি অহা লোকসকলক।


যোৰহাটৰ মাজেৰে বৈ যোৱা ভোগদৈ নদীৰ পানী ভয়াৱহভাৱে প্ৰদূষিত হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ যোৰহাটৰ ভোগদৈ নদীৰ পানীত পৰিলক্ষিত হৈছে কেতবোৰ ভয়ংকৰ ঘটনা। বিগত কেইদিনমানৰ পৰা নদীখনৰ ঘোলা পানী হঠাৎ পৰিষ্কাৰ আৰু ফটফটিয়া হৈ পৰিছিল। ইয়াৰ পিছতে বহু মাছ মৰি পানীত ওপঙি উঠিছিল নদীখনত। এই ঘটনাই নদীখনৰ কাষত বসবাস কৰা লোকসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে নদীৰ পানীখিনি আঠাজাতীয় অনুভৱ কৰিছে বহু লোকে ।


ইয়াৰ পিছতে শেহতীয়াকৈ ভোগদৈ নদীৰ পানীৰ ওপৰত কৰা পৰীক্ষাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ভোগদৈ নদীৰ পানী আম্লিক হৈ পৰিছে । অৰ্থাৎ নদীখনৰ পানীত এচিডৰ পৰিমাণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে । ভোগদৈ নদীৰ পানীৰ pH ভেল্যু হৈছেগৈ 4.5। আন এক স্থানৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত এই নদীৰ পানীৰ pH ভেল্যু পোৱা গৈছে 3.89 । বোৱঁতী নদীৰ পানী আম্লিক হৈ পৰাটোৱে বৰ্তমান সকলোকে ভবাই তুলিছে ।



কেৱল এয়াই নহয় । ভোগদৈ নদীৰ পানীত ভয়ানকভাৱে বৃদ্ধি পাইছে মেংগানিজৰ পৰিমাণ। পানীত থকা মেংগানিজৰ গ্ৰহণযোগ্য মাত্ৰা হ'ল 0.3 mg/lit । বোৱঁতী নদীত স্বাভাৱিকতে মেংগানিজ নাথাকে । কিন্তু ভোগদৈ নদীৰ পানীত পোৱা মেংগানিজৰ পৰিমাণ হৈছে  1.81 mg/lit । আন এক স্থানৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত মেংগানিজৰ পৰিমাণ পোৱা গৈছে 1.68 mg/lit । আনহাতে ইয়াৰ বিপৰীতে নদীখনৰ পানীত Turbidity আৰু TDS ৰ পৰিমাণ অস্বাভাৱিকভাৱে কম পোৱা গৈছে । ভোগদৈ নদীৰ পানীত Turbidity পোৱা গৈছে মাত্ৰ 5 NTU আৰু TDS পোৱা গৈছে 190 mg/lit ।


"স্বাভাৱিকতে চাৰফেছ ৱাটাৰত আইৰন আৰু মেংগানিজ নাথাকে আৰু নদীৰ পানীৰ pH ভেল্যুও 4.5 বা তাতকৈ কম নাথাকে। প্ৰথমবাৰৰ বাবে আমি নদীৰ পানীত এনেধৰণৰ ঘটনা দেখিবলৈ পাইছো । ইয়াৰ কাৰণ কি সেয়া জানিবলৈ এই সন্দৰ্ভত এক বিস্তৃত অনুসন্ধান চলাব লাগিব ।"  অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ যোৰহাট জিলাৰ কাৰ্যবাহী অভিযন্তা কুমুদ দাসে এনেদৰে কয়।


নদীৰ পানী আম্লিক হৈ পৰা আৰু মেংগানিজ বহু পৰিমাণে বৃদ্ধি পোৱা ঘটনাই সকলোকে ভবাই তুলিছে । ভোগদৈ নদীখনৰ উৎসৰ দিশত কিবা বস্তু  নদীৰ পানীত মিহলি হৈ এনে হোৱা বুলি ধাৰণা কৰা হৈছে । আনহাতে যোৰহাট নগৰৰ গড়মূৰ অঞ্চলত ভোগদৈ নদীৰ পৰা সংগ্ৰহ কৰা পানীৰে আৰবান পানী যোগান প্ৰকল্প এটা চলি আছে । কিন্তু ট্ৰিটমেন্ট কৰাৰ পিছত ভোগদৈৰ পৰা সংগ্ৰহ কৰা উক্ত প্ৰকল্পৰ পানী শৰীৰৰ বাবে হানিকাৰক নহয় বুলি মত ব্যক্ত কৰিছে কৰ্তৃপক্ষই ।


ভোগদৈ নদীৰ পানীত দেখা দিয়া এনে ভয়ংকৰ বিসংগতিৰ লগতে যোৰহাটৰ নগৰ অঞ্চলত পৰিস্কাৰ খোৱা পানীৰ সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে । কিন্তু বৰ্তমানলৈকে সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

Published by: Gautam Barman
First published: June 10, 2021, 6:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি