লখিমপুৰত এচিড আক্ৰমণ, একেটা পৰিয়ালৰে শিশুসহ পাঁচজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

নিশা দুই বজাত ছাইফুল ইছলাম নামৰ লোকজনৰ বাসগৃহত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই।
নিশা দুই বজাত ছাইফুল ইছলাম নামৰ লোকজনৰ বাসগৃহত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই।
- News18 Assam
- Last Updated: October 5, 2020, 6:05 PM IST
নিশা দুই বজাত ছাইফুল ইছলাম নামৰ লোকজনৰ বাসগৃহত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই। মহিলা, শিশু, কিশোৰীসহ গুৰুতৰভাৱে আহত পৰিয়ালটোৰ পাঁচজন। নিশাই সংকটজনক অৱস্থাত লালুক আৰক্ষীয়ে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আঘাতপ্ৰাপ্তসকলক।
আহতসকল ছালেহা খাতুন (৪৮), হাবিজা খাতুন (৩০), আনোৱাৰা বেগম (২৮), মামুনি বেগম (১৮), খুৰ্ছিদা বেগম (৯) আৰু এতৰাজ আলী (৪)। মুখ, পিঠি, পেট, বুকুত দুৰ্বৃত্তই এচিড ঢালি পলায়ন কৰে। দুৰ্বৃত্তই নিশা দুৰ্জা খুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি কিছু টকা,মোবাইল ফোন লুটপাত কৰাৰ পিছত গভীৰ নিদ্ৰাত থকা পৰিয়ালটোক এচিডেৰে আক্ৰমণ কৰে।