• Home
  • »
  • News
  • »
  • assam
  • »
  • ১০ মাহে পলাতক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত মৃদুপৱন নেওগে পালে অগ্ৰিম জামিন

১০ মাহে পলাতক প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত মৃদুপৱন নেওগে পালে অগ্ৰিম জামিন

যোৱা বৰ্ষৰ ২৫ ছেপ্টেম্বৰত কাহিলিপাৰাৰ ঘৰত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত ৰহস্যজনকভাৱে পলায়ন কৰিছিল তেওঁ

  • Share this:
অৱশেষত অগ্ৰিম জামিন লাভ কৰিলে মৃদুপৱন নেওগে। প্ৰায় ১০ মাহ ধৰি পলাতক হৈ আছিল মৃদুপৱন নেওগ। মৃদুপৱন নেওগৰ বিৰুদ্ধে উত্থাপিত প্ৰৱঞ্চনাৰ গোচৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল  DSPত্ৰিদিৱ কুমবাঙক। কিন্তু ১০ মাহ ধৰি পলাতক ঘোষিত মৃদুপৱনক গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ দিনৰ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰে।

উল্লেখ্য, ৰাজনৈতিক নেতাৰ লগতে বহু হাইপ্ৰফাইল লোকৰ সৈতে ফটো উঠাৰ চখ ৰখা মৃদুপৱনে প্ৰভাৱশালী লোক বুলি জাহিৰ কৰা মৃদুপৱনে যোৱা বৰ্ষৰ ২৫ ছেপ্টেম্বৰত কাহিলিপাৰাৰ ঘৰত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত ৰহস্যজনকভাৱে পলায়ন কৰিছিল।

নেওগৰ বিৰুদ্ধে নগাঁৱত নেহাৰ কাৰ বজাৰে তৰা গোচৰ অনুসৰি তেওঁ গাড়ী বিক্ৰীৰ নামত ৩০ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছিল। আৰক্ষীয়ে প্ৰৱঞ্চক মৃদুপৱন নেওগৰ ঘৰৰ পৰা জব্দ কৰিছিল পিষ্টল, বহু পৰিমাণৰ সোণ, ষ্টাম্প পেপাৰ, বহু জাল নথি-পত্ৰ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি