অৱশেষত চিএম ভিজিলেন্সৰ জালত পৰিল ২০ কোটিটকীয়া জিএমচিৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালা। বিহাৰৰ চুপল জিলাৰ ট্ৰিবেণীগঞ্জৰ পৰা গ্ৰেপ্তাৰ মিঠু আগৰৱালাক। বিহাৰৰ অতি ভিতৰুৱা অঞ্চলটোৰ এটা পৰিয়ালত আত্মগোপন কৰি আছিল মিঠু আগৰৱালাই।
আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব। হাজিৰ কৰাই আগৰৱালাক ট্ৰেনজিৎ ৰিমাণ্ডত লৈ চিএম ভিজিলেন্সৰ দলটো ৰাওনা হ'ব গুৱাহাটী অভিমুখে।
GMCৰ বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাইছিল মিথু আগৰৱালাৰ। ২০ কোটিটকীয়া কেলেংকাৰীৰে নাম সাঙোৰ খাই বৰ্তমান জে’লত আছে বহু বিষয়া-অভিযন্তা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|