• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ লোকনিৰ্মাণ বিভাগত পথ-গৃহ নিৰ্মাণ কৰিবলৈ ইঞ্জিনীয়াৰৰ প্ৰয়োজন নাই বুলি কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

অসমৰ লোকনিৰ্মাণ বিভাগত পথ-গৃহ নিৰ্মাণ কৰিবলৈ ইঞ্জিনীয়াৰৰ প্ৰয়োজন নাই বুলি কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

"আমি যদি আজিও ৰাস্তা বনাবলৈ পাহাৰ কাটি থাকোঁ, মাটি কাটি থাকোঁ, আৰ্থৱৰ্ক কৰি থাকোঁ, তেন্তে তেনেদৰে ৰাস্তা বনাবলৈ মোক কোনো ইঞ্জিনীয়াৰ নালাগে।"

"আমি যদি আজিও ৰাস্তা বনাবলৈ পাহাৰ কাটি থাকোঁ, মাটি কাটি থাকোঁ, আৰ্থৱৰ্ক কৰি থাকোঁ, তেন্তে তেনেদৰে ৰাস্তা বনাবলৈ মোক কোনো ইঞ্জিনীয়াৰ নালাগে।"

"আমি যদি আজিও ৰাস্তা বনাবলৈ পাহাৰ কাটি থাকোঁ, মাটি কাটি থাকোঁ, আৰ্থৱৰ্ক কৰি থাকোঁ, তেন্তে তেনেদৰে ৰাস্তা বনাবলৈ মোক কোনো ইঞ্জিনীয়াৰ নালাগে।"

  • Share this:

অসমৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলকে ধৰি একাংশ চৰকাৰী অভিযন্তাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr Himanta Biswa Sharma)। মুখ্যমন্ত্ৰীগৰাকীৰ মতে আওপুৰণি প্ৰযুক্তি-কৌশলকে আঁকোৱালি থাকিব বিচৰা অসমৰ এনে অভিযন্তাসকল নোহোৱাকৈও লোকনিৰ্মাণ বিভাগৰ কাম-কাজ চলাব পাৰি । মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।


অসমৰ লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত। দেওবাৰে যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ লোকনিৰ্মাণ বিভাগত ৰাস্তা-গৃহ নিৰ্মাণ কৰিবলৈ অভিযন্তাৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকে যিখিনি কাম কৰে সেইখিনি কাম সাধাৰণ স্নাতক এগৰাকীৰ পৰা ঠিকাদাৰসকলেই কৰিব পাৰে।


কাৰণ লোকনিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ অহা প্ৰকল্পসমূহত বিভাগীয় অভিযন্তাসকলে কোনো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা দেখিবলৈ পোৱা নাযায়। বহু প্ৰকল্পত ঠিকাদাৰ আৰু মহৰীয়ে কাম চলায় আৰু অভিযন্তাসকলৰ (engineers) প্ৰয়োজন বিল বনোৱাৰ সময়তহে হয় বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


"আমি যদি আজিও ৰাস্তা বনাবলৈ পাহাৰ কাটি থাকোঁ, মাটি কাটি থাকোঁ, আৰ্থৱৰ্ক কৰি থাকোঁ, তেন্তে তেনেদৰে ৰাস্তা বনাবলৈ মোক কোনো ইঞ্জিনীয়াৰ নালাগে। মোৰ ইঞ্জিনীয়াৰিঙৰ কোনো আইডিয়া নাই। কিন্তু এগৰাকী জুনিয়ৰ ইঞ্জিনীয়াৰ পাছ কৰা যুৱকে যদিহে ৰাস্তা এটা নিৰ্মাণৰ বাবে কেম্বাৰিং কৰি দিব পাৰে, তেন্তে এনেদৰে ৰাস্তাটো নিৰ্মাণ কৰিবলৈ কাৰো সহায় নালাগে।" –মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনেদৰে কয়।


এনেদৰে চলি অহা কামসমূহৰ ক্ষেত্ৰত এগৰাকী প্ৰশাসনিক বিষয়া বা সাধাৰণ স্নাতক লোকেই বিভাগীয় অভিযন্তাসকলৰ দৰে কাম কৰিবলৈ সক্ষম বুলি মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰণ অসমত আজিও পুৰণা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি বিভিন্ন পথ নিৰ্মাণ, গৃহ নিৰ্মাণৰ দৰে প্ৰকল্পসমূহ কৰি অহা হৈছে।


নতুন প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসমৰ অধিকাংশ চৰকাৰী অভিযন্তাই অনীহা প্ৰকাশ কৰি অহাত আন ঠাইৰ তুলনাত অসমত এনে প্ৰকল্পসমূহৰ ব্যয় বহু বেছি হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উদাহৰণ দাঙি ধৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত মুখ্য অভিযন্তা, কমিছনাৰৰ দৰে একাংশ উচ্চ পদবীত থকা অভিযন্তাক এনেয়ে দৰমহা প্ৰদান কৰি থকা হৈছে বুলিও মত ব্যক্ত কৰে।


আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যত সমৰ্থন জনাইছে ৰাইজে। কেৱল সমৰ্থন জনোৱাই নহয় লোকনিৰ্মাণ বিভাগ (Lok Nirman Bibhag)ৰ কামৰ উদাহৰণো দাঙি ধৰিছে ৰাইজে।


সেয়েহে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ জৰিয়তে নিজৰ প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি অসমৰ বিভিন্ন উন্নয়নমূলক কামত সেই কৌশল ব্যৱহাৰৰ পোষকতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাতে নতুন প্ৰযুক্তি-কৌশল ব্যৱহাৰ কৰি প্ৰকল্পসমূহৰ ব্যয় কম কৰাৰ লগতে পৰিৱেশৰ প্ৰতিও সজাগ হ'ব পৰা যায়।


অসমৰ চৰকাৰী অভিযন্তাসকলৰ ওপৰত শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এই মতামতে বিশেষ তাৎপৰ্য বহন কৰিছে। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰ জৰিয়তে বুজাই দিছে যে অসমত লোকনিৰ্মাণ বিভাগৰ কৰ্মপদ্ধতিত আমূল পৰিৱৰ্তন আনিব বিচাৰিছে চৰকাৰে ।

Published by:Gautam Barman
First published: