মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰূপজ্যোতি-সুশান্তৰ পিছত এইবাৰ BJPলৈ আন এগৰাকী কংগ্ৰেছ বিধায়ক, ৰূপজ্যোতি কুৰ্মীয়ে দিলে ইংগিত

ৰূপজ্যোতি-সুশান্তৰ পিছত এইবাৰ BJPলৈ আন এগৰাকী কংগ্ৰেছ বিধায়ক, ৰূপজ্যোতি কুৰ্মীয়ে দিলে ইংগিত

News18 Assam | News18-Assam
Updated:August 2, 2021, 4:08 PM IST
ৰূপজ্যোতি-সুশান্তৰ পিছত এইবাৰ BJPলৈ আন এগৰাকী কংগ্ৰেছ বিধায়ক, ৰূপজ্যোতি কুৰ্মীয়ে দিলে ইংগিত
ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে কংগ্ৰেছক দিলে আন এক বেয়া খবৰ ৷

ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে কংগ্ৰেছক দিলে আন এক বেয়া খবৰ ৷

  • Share this:

কংগ্ৰেছ এৰি BJPলৈ যোৱা বিধায়কৰ তালিকাখন এতিয়া দীঘলীয়া হ'বলৈ গৈ আছে ৷ মৰিয়নিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ তথা বিধায়ক পদ এৰি BJPত যোগ দিয়াৰ পিছত বিধায়ক পদ এৰি BJPলৈ আহিল থাউৰাৰ সুশান্ত বৰগোহাঁই ৷ ৰূপজ্যোতি-সুশান্তৰ পিছত আৰু কোন কংগ্ৰেছী বিধায়কে এৰিব দল?


এতিয়া এই প্ৰশ্নই খুলি খুলে খাইছে কংগ্ৰেছ নেতৃত্বক ৷ কংগ্ৰেছ নেতৃত্ব সন্দিহান- ধৰি ৰাখিব পাৰিবনে কংগ্ৰেছৰ খহনীয়া?


এনে অনিশ্চয়তাৰ মাজতে ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে কংগ্ৰেছক দিলে আন এক বেয়া খবৰ ৷ ৰূপজ্যোতিয়ে ক'লে- “কংগ্ৰেছত খহনীয়া অব্যাহত থাকিব ৷ কংগ্ৰেছ এৰি আৰু এজন বিধায়ক আহিব BJPলৈ ৷”



পিছে কোন কংগ্ৰেছী বিধায়কে কংগ্ৰেছ ত্যাগ কৰা তালিকাখন দীঘলীয়া কৰি BJPলৈ যাব? ৰূপজ্যোতি কুৰ্মীৰ ইংগিত- তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱা আহি আছে BJPলৈ ৷


কেৱল ভাস্কৰ বৰুৱাই নহয়, সময়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও নিজে BJPলৈ আহিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷


ন-বিজেপি ৰূপজ্যোতি কুৰ্মীৰ এই দাবীক কিন্তু পোনছাটেই নাকচ কৰিলে প্ৰদেশ কংগ্ৰেছৰ নতুন কাৰ্যবাহী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ জাকিৰৰ দাবী- “ৰূপজ্যোতি-সুশান্তৰ পিছত কোনো বিধায়ক নাযায় BJPলৈ ৷ এজনো কংগ্ৰেছী বিধায়কে যে দল এৰি আজিৰ তাৰিখত BJPলৈ নাযায়; সেই কথা মই নিশ্চিতভাৱে ক'ব পাৰোঁ ৷”


পিছে কি গেৰাণ্টিত এই কথা ক'লে জাকিৰ হুছেইন শিকদাৰে? কংগ্ৰেছে ৰাখিব পাৰিবনে দল এৰিবলৈ বিচৰা বিধায়কসকলক? এই প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ নতুন কাৰ্যবাহী সভাপতি জাকিৰে ক'লে- “দল এৰিব বিচাৰিলে কোনে ধৰি ৰাখিব পাৰিব? BJPয়ে ভয়-ভাবুকিৰে বিৰোধী শূন্য কৰিব বিচাৰিছে ৷ মই মুখ্যমন্ত্ৰী আৰু BJPক আহ্বান কৰিম যে আপোনালোকে ৰাইজৰ বাবে কাম কৰাত মনোযোগ দিয়ক ৷ ভয়-ভাবুকিৰে বিধায়ক নিয়াৰ চেষ্টা বন্ধ কৰক ৷ এয়া গণতন্ত্ৰৰ পৰিপন্থী কাৰ্য ৷”



উল্লেখযোগ্য যে এই পৰ্যন্ত খালী হৈছে গোসাঁইগাঁও, তামোলপুৰ, মৰিয়নি, মাজুলী,  থাউৰা সমষ্টিৰ আসনকেইখন ৷ ইয়াৰ পিছত চলিত মাহতে যদি AIUDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে দল আৰু বিধায়ক পদ এৰি BJPত যোগ দিয়ে, তেন্তে খালী হোৱা আসনৰ সংখ্যা হ'বগৈ ছখন ৷ ইয়াৰ লগতে সোমবাৰে ৰূপজ্যোতি কুৰ্মীয়ে দিয়া ইংগিতৰ দৰে যদি তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই দল আৰু বিধায়ক পদ এৰে; তেন্তে খালী হোৱা আসনৰ সংখ্যা হ'বগৈ সাত ৷ এই সাত আসনত তিনি মাহৰ ভিতৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

Published by: Gautam Barman
First published: August 2, 2021, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি