"অখিল গগৈয়ে অহাবাৰ নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত হ'ব নোৱাৰে" বুলি শনিবাৰে দাবী কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ শনিবাৰে থাউৰা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী তথা বিজেপি নেতা পীয়ূষ হাজৰিকাই এইদৰে মন্তব্য প্ৰকাশ কৰে ।
মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকক ক'লে- "শুনিছোঁ, অখিল গগৈয়ে অহাবাৰ নিৰ্বাচনত শিৱসাগৰৰ পৰা নহয় টীয়কৰ পৰাহে খেলিব। বিগত পাঁচ মাহতে শিৱসাগৰৰ ৰাইজে অখিল গগৈক ভোট দি পস্তাই আছে, আৰু চালাক ব্যক্তি অখিল গগৈয়ে এই কথা উপলব্ধি কৰিয়েই অহাবাৰ শিৱসাগৰৰ সলনি টীয়কৰ পৰা নিৰ্বাচন খেলিম বুলি ভাবিছে ।"
ইয়াৰ লগতে টীয়কৰ জনসাধাৰণে অখিল গগৈক নিৰ্বাচনত জয়ী নকৰে বুলিও মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে। আনহাতে বিজেপিৰ সভাত ৰাইজৰ দলে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই উত্তৰত ক'লে- “ৰাইজৰ দলৰ সভাত মানুহ নহয় যেতিয়া তেওঁলোকে বিজেপিৰ সভাতে প্ৰচাৰ পত্ৰিকাই বিতৰণ কৰিব লাগিব।”
ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক আক্ৰমণ কৰি মন্ত্ৰী পীয়ূষে কয়- “বানপানী অথবা হাতী-মানুহৰ সংঘাতৰ সময়ত ৰাইজৰ কাষত নথকা ৰাইজৰ দলৰ বিধায়ক প্ৰাৰ্থীগৰাকীক তেওঁৰ স্থানীয় অঞ্চলতে কোনেও চিনি নাপায় ৷ সেই হিচাপত BJPৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত ৷ এতিয়া ভোটৰ ব্যৱধান বৃদ্ধিৰ ওপৰতহে আমি জোৰ দিছোঁ ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|