
সম্পাদিত হ’ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি
সম্পাদিত হ’ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি
অৱশেষত সম্পাদিত হ’ল তৃতীয়খন বড়ো শান্তি চুক্তি। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত সম্পন্ন হয় চুক্তি। চুক্তিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে স্বাক্ষৰ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু বড়ো সংগঠনৰ মুৰব্বীসকলে।
চুক্তিত বড়োলেণ্ডৰ বাবে আছে বহু গুৰুত্বপূৰ্ণ ঘোষণা। তাৰ মাজতে চৰ্চালৈ আহিছে বড়ো উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান কৰাৰ বিষয়তো। চুক্তি অনুসৰি বড়ো বিদ্ৰোহী সংগঠন NDFBৰ কেডাৰ সকলৰ বাবে কৰ্ম সংস্থাপন ব্যৱস্থা কৰা হ’ব। ইফালে অহা ৩০ জানুৱাৰীত আত্মসমৰ্পণ কৰিব NDFBৰ ১৫৫০ জন নেতা–কেডাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|