মুখ্যপৃষ্ঠা » খবৰ

» অসম

»AIUDFৰ দাবী– বিজেপিলৈ গ'লে যৱনিকা পৰিব ফণীধৰ তালুকদাৰৰ ৰাজনৈতিক কেৰিয়াৰ

AIUDFৰ দাবী– বিজেপিলৈ গ'লে যৱনিকা পৰিব ফণীধৰ তালুকদাৰৰ ৰাজনৈতিক কেৰিয়াৰ

News18 Assam | News18-Assam
Updated:July 31, 2021, 11:51 PM IST
AIUDFৰ দাবী– বিজেপিলৈ গ'লে যৱনিকা পৰিব ফণীধৰ তালুকদাৰৰ ৰাজনৈতিক কেৰিয়াৰ
ভৱানীপুৰ সমষ্টিটো ২০১১, ২০১৬ আৰু ২০২১ চনত বিৰোধী দল এআইইউডিএফৰ দখলত আছে

ভৱানীপুৰ সমষ্টিটো ২০১১, ২০১৬ আৰু ২০২১ চনত বিৰোধী দল এআইইউডিএফৰ দখলত আছে

  • Share this:

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰে মহাজোঁটৰ লগতে এআইইউডিএফ দল ত্যাগ কৰি বিজেপিত যোগ দিলেই যৱনিকা পৰিব তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ। –এই মন্তব্য আগবঢ়াইছে এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বৰপেটা জিলাৰ তত্ত্বাৱধায়ক কৰিম উদ্দিন বৰভূঞা ওৰফে ছাজুই।


সংবাদ মাধ্যমত ফণীধৰ তালুকদাৰে এআইইউডিএফ ত্যাগ কৰি বিজেপিত যোগ দিব বুলি বহু বাতৰি ওলাই আছে যদিও তেওঁ বিজেপিত যোগ দিব বুলি নাভাবে কৰিম উদ্দিন বৰভূঞাই। ভৱানীপুৰ সমষ্টিটো ২০১১, ২০১৬ আৰু ২০২১ চনত বিৰোধী দল এআইইউডিএফৰ দখলত আছে।


সমষ্টিটোত এআইইউডিএফ বহুত শক্তিশালী বুলি কোৱা কৰিম উদ্দিন বৰভূঞাই লগতে কয় যে কংগ্ৰেছ, এআইইউডিএফ, বাঁওপন্থী দল আৰু আঞ্চলিকতাবাদী গণ মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী হলেতো সমষ্টিটোত কোনেও হৰুৱাব নোৱাৰে। সেই অংকতেই ফণীধৰ তালুকদাৰে মহাজোঁট ত্যাগ কৰিব নোৱাৰে বুলি কয় এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে।



ইয়াৰ পিছতো যদি ফণীধৰ তালুকদাৰে বিজেপিত যায়, তেন্তে তেওঁ হ'ব তিনিমমহীয়া প্ৰাক্তন বিধায়ক। বিজেপিলৈ গ'লে ফণীধৰ তালুকদাৰৰ ৰাজনৈতিক কেৰিয়াৰ কলিতে মৰহি যাব বুলি কয় সতীৰ্থ বিধায়কগৰাকীয়ে। ইফালে জনিয়া সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ বিধায়িনী দলৰ চীফ হুইপ ড: হাফিজ ৰফিকুল ইছলামেও বিধায়ক ফণীধৰ তালুকদাৰে এআইইউডিএফ ত্যাগ নকৰে বুলি কয়।

Published by: Gautam Barman
First published: July 31, 2021, 11:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি