ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা অভিমুখী যাত্ৰীবাহী ফেৰীত অঘটন। কোনোমতে প্ৰাণৰক্ষা শ শ যাত্ৰীৰ। অতিৰিক্ত লোডৰ ফলত ফেৰীৰ তলত ছিদ্ৰ হোৱাত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ফেৰীখন লগে লগে ব্ৰহ্মপুত্ৰৰ মাজৰ কুনাৰ চৰত চপোৱাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে পাঁচ শতাধিক যাত্ৰীৰ। জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ কুনাৰ চৰত ফেৰীখন বৰ্তমানো আছে। যাত্ৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি লিখাৰ পৰলৈকে যাত্ৰীসকলক উদ্ধাৰৰ ব্যৱস্থা কৰা হোৱা নাই।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 17:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।