உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Accident in Bongaigaon : বঙাইগাঁৱত আই নৈৰ দলঙত ভয়ংকৰ দুৰ্ঘটনা ৷ কণ্টেইনাৰ বাহনে মহতিয়াই নিলে মালবাহী বাহন।

    Accident in Bongaigaon : বঙাইগাঁৱত আই নৈৰ দলঙত ভয়ংকৰ দুৰ্ঘটনা ৷ কণ্টেইনাৰ বাহনে মহতিয়াই নিলে মালবাহী বাহন।

    binary comment

    binary comment

    ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ মইমতালী ৷ আই নৈৰ দলঙৰ গাতৰ বাবে ভয়ংকৰ দুৰ্ঘটনা ৷ আহত সাতজন ৷

    • Share this:


    বঙাইগাঁৱৰ আই নৈৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা আই নৈৰ দলঙৰ ওপৰত কণ্টেইনাৰ বাহন এখনে মালবাহী এখন বাহনক মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

    দুৰ্ঘটনাটোত মালবাহী টাটা এচ বাহনখনত থকা  সাতজন লোক আহত হয় ৷ দলঙৰ ওপৰত থকা গাত এটাৰ পৰা ছাইড লৈ যাব ওলাওতেই চাৰি চকীয়া বাহনখনক একে দিশৰ পৰা অহা কণ্টেইনাৰখনে মহতিয়াই কিছু দূৰলৈ চোচৰাই  নিয়ে ৷

    দুৰ্ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় লোকে আহত সকলক বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহত আটাইকেইজনে বিদ্যুৎ বিভাগৰ শ্ৰমিক বুলি জানিব পৰা গৈছে ৷

    চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পিছতে টোল গেট বহুৱাই যান-বাহনৰ পৰা উচ্চ হাৰত কৰ আদায় কৰি আহিলেও ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে বিপদজ্জনকভাৱে গাতৰ  সৃষ্টিৰ হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷
    Published by:Manjumoni Borah
    First published: