ৰাজ্যত পৃথক পৃথক দুৰ্ঘটনাত নিহত দুজন, আহত ৮জন, ক’ত ক’ত সংঘটিত হ’ল দুৰ্ঘটনা?

News18 Assam | News18-Assam
Updated:December 2, 2019, 10:26 AM IST
ৰাজ্যত পৃথক পৃথক দুৰ্ঘটনাত নিহত দুজন, আহত ৮জন, ক’ত ক’ত সংঘটিত হ’ল দুৰ্ঘটনা?
দীপৰ বিলৰ পাৰত পহৰা দি থকা দুই বনকর্মীক মহতিয়াই নিলে এখন মাৰুতিয়ে। আহত বনকৰ্মী দুজন লক্ষীন্দ্ৰ টেৰণ আৰু বাবুল চৌধুৰী।

দীপৰ বিলৰ পাৰত পহৰা দি থকা দুই বনকর্মীক মহতিয়াই নিলে এখন মাৰুতিয়ে। আহত বনকৰ্মী দুজন লক্ষীন্দ্ৰ টেৰণ আৰু বাবুল চৌধুৰী।

  • Share this:
নুমলীগড়ৰ কানাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দিলীপ ভূঞা নামৰ লোকজন। সুৰজ তাঁতী নামৰ এজন লোক আহত হয় দুৰ্ঘটনাত। সংকটজনক অৱস্থাত সুৰজ তাঁতীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে, দীপৰ বিলৰ পাৰত পহৰা দি থকা দুই বনকর্মীক মহতিয়াই নিলে এখন মাৰুতিয়ে। আহত বনকৰ্মী দুজন লক্ষীন্দ্ৰ টেৰণ আৰু বাবুল চৌধুৰী। দুৰ্ঘটনা সংঘটিত কৰা মাৰুতিখনৰ নম্বৰ AS 25C 3033। আহত দুয়োজনক বৰাগাঁৱৰ এক্সেল কেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। মাৰুতিখনৰ দুই আৰোহীও আহত হয় দুৰ্ঘটনাটোত।

দৰঙৰ দুনীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত আহত হয় বাইক আৰোহী কন্দৰ্প ডেকা। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছিপাঝাৰৰ যুৱকজনক। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS 13G 7160।

গোৱালপাৰাৰ দুধনৈতো সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ৰেণ’ল্ড কুইডে মহতিয়ালে এখন অটোক। দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আহত হয় আন দুজন। দুৰ্ঘটনাত থিতাতে নিহত হয় দ্বিজেন নাথ নামৰ এজন বৃদ্ধ। গুৰুতৰভাৱে আহত হয় বিনয় নাথ আৰু অটোচালক বিকাশ নাথ। আহত দুয়োকে দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি