NRCৰ শুনানিৰ পৰা ঘৰলৈ ওভতাৰ পথত বাগৰিল ট্ৰেভেলাৰ, আহত ২২ জন

দুৰ্ঘটনাত আহত হয় ট্ৰেভেলাৰখনত থকা দুটা পৰিয়ালৰ মুঠ ২২ গৰাকী লোক।

News18-Assam
Updated:August 6, 2019, 2:35 PM IST
NRCৰ শুনানিৰ পৰা ঘৰলৈ ওভতাৰ পথত বাগৰিল ট্ৰেভেলাৰ, আহত ২২ জন
দুৰ্ঘটনাত আহত হয় ট্ৰেভেলাৰখনত থকা দুটা পৰিয়ালৰ মুঠ ২২ গৰাকী লোক।
News18-Assam
Updated: August 6, 2019, 2:35 PM IST
যোৰাবাটৰ সোণাপুৰত সোমবাৰে নিশা সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। বকোৰ সোণতলীত NRCৰ শুনানি দি গোলাঘাটলৈ ঘূৰি গৈ থকা অৱস্থাতেই দুৰ্ঘটনাত পতিত হয় প্ৰায় ২৫ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ। দুৰ্ঘটনাত আহত হয় ট্ৰেভেলাৰখনত থকা দুটা পৰিয়ালৰ মুঠ ২২ গৰাকী লোক। গুৰুতৰভাৱে আহত ৪জনক নিশাই ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা লোককেইজন ক্ৰমে সোণা বানু, বেলি খাতুন, মহম্মদ আজাহাৰ আৰু জিয়াৰুল হক।
আৰু চাওক পৰৱৰ্তী বাতৰি