Birthday party turned to Tragedy: সময় নিশা প্রায় ১১.৫০ বাজিছে। ঈশান আহমেদ নামৰ যুৱকজনৰ জন্মদিন আছিল আৰু কেইবাজনো বন্ধুৰ সৈতে ঈশানে পুৱাই ওলাই গৈ জন্মদিনৰ পাৰ্টি উপভোগ কৰি উভতি আহিছিল। পিচে বাটতে ৰৈ আছিল কাল নিয়তি! হাঁহি–ফূৰ্তিৰ দিনটো নিমিষতে পৰিণত হ’ল ট্ৰেজেদিলৈ! জাগীৰোডৰ পৰা মৰিগাঁও দিশলৈ অহা ঈশান আৰু বন্ধুকেইজনৰ ML08C8188 নম্বৰ হুণ্ডাই i20 বাহনখনে তীব্ৰ বেগেৰে আহি বঘৰাৰ ঘুলিগাঁৱৰ ৰিদিপ বৰদলৈ নামৰ ব্যক্তি গৰাকীৰ গেটত খুন্দা মাৰে। যাৰ ফলত এক প্ৰচণ্ড শব্দ হৈ বাহন খন ভাঙি যায়।
বাহন খনত অহা দুজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আৰু অন্য এজনৰ মৃত্যু মৰিগাঁও অসমাৰিক চিকিৎসালয়ত হয়। আনহাতে জন্মদিন থকা ঈশান আহমেদ নামৰ ১৯ বছৰীয়া যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ অনা হয় কিন্তু অৱশেষত ঈশানেও প্ৰাণ ত্যাগ কৰে।
মৃত কেইজন হাফিজুৰ ৰহমান (২৫), ছোহেল আহমেদ(২৬), মহীবোৰ ৰহমান (৩০) । যুৱক কেইজনৰ ঘৰ মৰিগাঁৱৰ মৰিমুছলিম গাঁৱৰ বুলি জানিব পৰা গৈছে ।
দুৰ্ভগীয়া দলটোৰ আন এজন বন্ধু ইক্ৰম আহমেদক(২১) মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।
![]()
দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন
তীব্ৰ বেগেই দুৰ্ঘটনাৰ মূল কাৰণ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ চালক ছিটত থকা ছোহেল আহমেদক উলিয়াবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|