গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, কণমানি সন্তানৰ বাবে Cerelac আনিবলৈ গৈ ট্ৰাকৰ খুন্দাত মৃত্যু প্ৰবক্তাৰ

News18 Assam | News18-Assam
Updated:February 14, 2020, 7:56 AM IST
গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, কণমানি সন্তানৰ বাবে Cerelac আনিবলৈ গৈ ট্ৰাকৰ খুন্দাত মৃত্যু প্ৰবক্তাৰ
এবছৰীয়া সন্তানক কেয়াৰটেকাৰৰ সৈতে ঘৰত থৈ চেৰেলাক আনিবলৈ ওলাই গৈছিল ৰুণজুন।

এবছৰীয়া সন্তানক কেয়াৰটেকাৰৰ সৈতে ঘৰত থৈ চেৰেলাক আনিবলৈ ওলাই গৈছিল ৰুণজুন।

  • Share this:
মহানগৰীত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে এগৰাকী প্ৰবক্তাৰ। বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ডায়েৰীগেটত সংঘটিত হয় এই দুৰ্ঘটনা। ৰুণজুন দুৱৰা নামৰ কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তাগৰাকীয়ে নিজৰ স্কুটীৰে গৈ থকা অৱস্হাত মহতিয়াই নিয়ে এখন দ্ৰুতবেগী ট্ৰাকে। দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখন তীব্ৰ বেগেৰে খানাপাৰা অভিমুখে পলায়ন কৰে ৷ দিছপুৰ যান বাহন আৰক্ষীয়ে বাহনখনৰ সন্ধানত অভিযান চলাই যদিও কোনো ধৰনৰ সন্ধান উলিায়াব নোৱাৰিলে৷

এবছৰীয়া সন্তানক কেয়াৰটেকাৰৰ সৈতে ঘৰত থৈ চেৰেলাক আনিবলৈ ওলাই গৈছিল ৰুণজুন। উল্লেখযোগ্য ২৬ জানুৱাৰীত এবছৰ সম্পূৰ্ণ হৈছিল ৰুণজুণৰ কণমানি পুত্ৰৰ।

ইপিনে ডায়েৰীগেটৰ যি স্হানত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই স্হানত CCTV কেমেৰা নথকা বাবে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধান উলিওৱাত যথেষ্ট অসুবিধাত কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি