ডিগবৈত নিয়ন্ত্ৰণহীন ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক, থিতাতে নিহত

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৰাইজে আবদ্ধ কৰি ডিগবৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যায়৷

News18-Assam
Updated:October 29, 2019, 10:16 AM IST
ডিগবৈত নিয়ন্ত্ৰণহীন ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক, থিতাতে নিহত
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৰাইজে আবদ্ধ কৰি ডিগবৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যায়৷
News18-Assam
Updated: October 29, 2019, 10:16 AM IST
তিনিচুকীয়াৰ ডিগবৈ থানাৰ অন্তৰ্গত ডিগবৈ ক্লাব আৰ্মী কেম্পৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। তিনিচুকীয়া পৰা মাৰ্ঘেৰিটাৰ অভিমুখী এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে একে দিশত গৈ থকা এজন স্কুটী আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহী প্ৰাঞ্জল বৰঠাকুৰ। নিহত প্ৰাঞ্জল বৰঠাকুৰ নামৰ লোকজন ডিগবৈৰ আই অ’ চি হাস্পতালত ৰোগীৰ খাদ্য বনোৱা ৰান্ধনী হিচাপে কৰ্মৰত আছিল। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৰাইজে আবদ্ধ কৰি ডিগবৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যায়৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি