ডিব্ৰুগড়ত দুৰ্ঘটনাত নিহত ন্যায়াধীশৰ পুত্ৰ

টঙানী ষ্টেচনৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ডাম্পাৰত খুন্দিয়ালে নেন’ বাহনে।

News18-Assam
Updated:July 31, 2019, 10:01 AM IST
ডিব্ৰুগড়ত দুৰ্ঘটনাত নিহত ন্যায়াধীশৰ পুত্ৰ
টঙানী ষ্টেচনৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ডাম্পাৰত খুন্দিয়ালে নেন’ বাহনে।
News18-Assam
Updated: July 31, 2019, 10:01 AM IST
ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হয় ন্যায়াধীশ মৈত্ৰী ডেকা দলৈৰ পুত্ৰ দৈৱিক হাজৰিকাৰ। দলৈ ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক ন্যায়াধীশ। টঙানী ষ্টেচনৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা ডাম্পাৰত খুন্দিয়ালে নেন’ বাহনে। দুৰ্ঘটনাত থিতাতে নিহত হয় ৮ বছৰীয়া দৈৱিক হাজৰিকা। ডিব্ৰুগড়ৰ বৈৰাগীমঠ নিবাসী খুৰাক–খুৰীয়েক অঞ্জন হাজৰিকা আৰু স্মৃতি হাজৰিকাৰ সৈতে ফুৰিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত নিহত হয় দৈৱিক। দুৰ্ঘটনাত আহত হয় অঞ্জন হাজৰিকা আৰু স্মৃতি হাজৰিকা।
আৰু চাওক পৰৱৰ্তী বাতৰি