বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত ৫জন

কাহিলীপুৱাতে গৌৰীপুৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫জন, আহত কেইবাজনো লোক।

news18assam
Updated:April 27, 2019, 8:06 AM IST
বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে নিহত ৫জন
কাহিলীপুৱাতে গৌৰীপুৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫জন, আহত কেইবাজনো লোক।
news18assam
Updated: April 27, 2019, 8:06 AM IST
শনিবাৰে শনি লাগিল ধুবুৰীৰ গৌৰীপুৰত। কাহিলীপুৱাতে গৌৰীপুৰত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৫জন, আহত কেইবাজনো লোক। পুৱা প্ৰায় ৪ বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে বিবাহ যাত্ৰী কঢ়িওৱা এখন ট্ৰেভেলাৰ বাহনে। ফলত থিতাতে নিহত ট্ৰেভেলাৰখনত থকা ৫জনকৈ লোক আৰু গুৰুতৰভাৱে আহত কেইবাজনকো ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পতালত। বিয়া সম্পন্নৰ পিছতে বঙাইগাঁৱৰ পৰা গোলকঞ্জৰ বিদ্যাৰডাৱৰীলৈ ওভতাৰ পথত দুৰ্ঘটনাত পতিত ট্ৰেভেলাৰ বাহনখন। প্ৰায় ১৭জন লোক আছিল বিবাহ যাত্ৰী কঢ়িওৱা ট্ৰেভেলাৰ বাহনখনত। নিহতকেইগৰাকী ক্ৰমে শম্ভু ৰাউট, কাঞ্চন বীন, সুভাষ অধিকাৰী, উৎপল বৰ্মন। জানিব পৰা হোৱা নাই মৃত্যু হোৱা আনগৰাকীৰ নাম।

আৰু চাওক পৰৱৰ্তী বাতৰি