খাৱৈত সোমাল EVM কঢ়িওৱা বাহন

বোকাজানত নিশা EVM কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল আৰক্ষীৰ এখন বাহন

news18assam
Updated:April 19, 2019, 8:19 AM IST
খাৱৈত সোমাল EVM কঢ়িওৱা বাহন
ব্ৰেকিং নিউজ
news18assam
Updated: April 19, 2019, 8:19 AM IST
বোকাজানত নিশা EVM কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাল আৰক্ষীৰ এখন বাহন। এই দুৰ্ঘটনাত ১৫নং খণ্ড বিষয়াসহ কেইবাজনো জোৱান আহত হয়। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।

বোকাজানৰ কয়লামাটিৰ পৰা আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় EVM কঢ়িওৱা বাহনখন। বোকাজান উঃ মাঃ বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ আনি আছিল EVM। অৱশ্যে দুৰ্ঘটনাৰ ফলত কোনো ক্ষতিসাধন হোৱা নাই EVMৰ।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নগাঁও, মঙলদৈ, শিলচৰ, কৰিমগঞ্জ আৰু ডিফুত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত ৭৭.৬৮ শতাংশ ভোটাৰে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি