নুমলীগড় শোধনাগাৰত কৰুণ ঘটনা। হঠাতে মূৰৰ ওপৰত এডাল লোৰ পাইপ পৰি যোৱাত থিতাতে মৃত্যুমুখত পৰে এগৰাকী শ্ৰমিক। কৰুণভাৱে মৃত্যুক সাৱটি লোৱা শ্ৰমিকজন শৰৎ বৰা বুলি জানিব পৰা গৈছে।
শৰৎ বৰা পাঞ্জাৱ ইঞ্জিনীয়াৰিং প্ৰতিষ্ঠানটোৰ শ্ৰমিক ৰূপে কৰ্মৰত আছিল। শোধনাগাৰটোৰ সম্প্ৰসাৰণৰ কামত নিয়োজিত আছিল শ্ৰমিকজন। এই ঘটনাক কেন্দ্ৰ কৰি নুমলীগড় শোধনাগাৰ (NRL)ত চেপা উত্তেজনা বিৰাজ কৰে। মূৰত কোনোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নোলোৱা বাবে এই ঘটনা ঘটা বুলি অভিযোগ উত্থাপন হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।