ৰহাৰ সৰাগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰহাৰ পূৱ সৰাগাঁৱত ফোৰলেন ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় লোকে জানিব দিয়া মতে ৰহাৰ ফালৰ পৰা নগাঁও দিশলৈ গৈ থকা AS-31-B-3008 নম্বৰৰ এখন ছুইফট ডিজায়াৰ এখনে প্ৰথমে এজন পথাচাৰীক খুন্দা মাৰে আৰু পাছত বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই AS-02-AH-4258 নম্বৰৰ মটৰ চাইকেলখনত খুন্দা মাৰে।
দুৰ্ঘটনাটোত ৰহাৰ ফুলগুৰিৰ জ্ঞানজ্যোতি সেনাপতি নামৰ ২২ বছৰীয়া বাইক আৰোহীজনৰ লগতছ চাৰিচকীয়া বাহনত অহা তিনিজন আৰোহী আৰু এজন পথাচাৰীসহ পাঁচ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত ছুইফট ডিজায়াৰখনত অহা এটি ১৩ মহীয়া শিশুও আছে। পিচত ৰহা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহতসকলক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 16, 2022, 23:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।