உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Accident : ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত স্কুটী আৰু ছেণ্ট্ৰো, থিতাতে নিহত স্কুটী আৰোহী।

    Accident : ৰহাৰ ফুলগুৰিত দুৰ্ঘটনাত পতিত স্কুটী আৰু ছেণ্ট্ৰো, থিতাতে নিহত স্কুটী আৰোহী।

    নিহত এজন।আহত দুই।

    নিহত এজন।আহত দুই।

    নিহত এজন।আহত দুই।

    • Share this:
    ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰিত মঙলবাৰে পূৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন ছেণ্ট্ৰো গাড়ীৰ খুন্দাত নিহত হয় এগৰাকী স্কুটী আৰোহী। ৰহা দিশৰ পৰা নগাঁও দিশে আহি থকা ছেণ্ট্ৰো গাড়ীখনে ৰাস্তা পাৰ হ‌ওতেই স্কুটী আৰোহী জনক মহতিয়াই লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

    দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় দুজন লোক। নিহতজনৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত কাৰখনৰ নম্বৰ  AS-02H-2862 আৰু স্কুটীখনৰ নম্বৰ AS-01-DE- 8234। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আহত দুগৰাকীক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
    Published by:Manjumoni Borah
    First published: