বছৰটোৰ শেষৰ দিন অৰ্থাৎ ৩১ ডিচেম্বৰৰ দিনটোত সমগ্ৰ ৰাজ্যত এইবাৰ পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰথমৰে পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, সহযোগ কৰিছিল পৰিবহন আৰু আৰক্ষীৰ লোকে।ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু আৰক্ষীৰ সহযোগিতাৰ ফলত এইবাৰ অন্যান্য বৰ্ষসমূহৰ তুলনাত ৰাজ্যত ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস পায়।
ৰাজ্যৰ মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি ৩১ ডিচেম্বৰ তাৰিখে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ১০৭ টা পথ দুৰ্ঘটনা সংঘটিত হয়।অৱশ্যে এই পথ দুৰ্ঘটনা সমূহ সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে হৈছে নে অন্য কিবা কাৰণত হৈছিল সেই সম্পৰ্কে মৃত্যুঞ্জয় সেৱাই কোনোধৰণৰ উল্লেখ কৰা নায়।মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি তেওঁলোকে ৩১ ডিচেম্বৰ তাৰিখে ৰাজ্যত মুঠ ১০৭ টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ৰোগীক নিজৰ সেৱা আগবঢ়ায়।ৰাজ্যত সংঘটিত হোৱা ১০৭ টা পথ দুৰ্ঘটনাৰ ভিতৰত ৭৬ টা পথ দুৰ্ঘটনা দুচকীয়া বাহনত সংঘটিত হৈছে আৰু ট্ৰাক, বাছ, সৰু চাৰিচকীয়া বাহনত ৭ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে।ইপিনে, ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যৰ ভিতৰত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাত। শোণিতপুৰ জিলাত মুঠ ১০ টা পথ দুৰ্ঘটনা সংঘটিত হয় মৃত্যুঞ্জয় সেৱাৰ তথ্য অনুসৰি। আনহাতে, ৩১ ডিচেম্বৰত গুৱাহাটী মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ কোনো লোক জিএমচিএইচত ভৰ্তি হ’বলগীয়া হোৱা নাই যদিও মৃত্যুঞ্জয় সেৱাই কামৰূপ মহানগৰত মুঠ ৭ টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোকক নিজৰ সেৱা আগবঢ়ায়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
ৰাজ্য চৰকাৰ আৰু আৰক্ষী বাহিনীৰ কঠোৰ পদক্ষেপৰ বাবে এইবাৰ ৰাজ্যত পূৰ্বৰ তুলনাত বহু শতাংশ পথ দুৰ্ঘটনা হ্ৰাস পাইছে।উল্লেখযোগ্য যে,যোৱা গোটেই বছৰটোত ৮০০ ৰো অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|