লকডাউন শিথিলৰ কাৰণে গৈছিল ককাকৰ ঘৰলৈ! উভতাৰ পথত ৪বছৰীয়া ৰনঞ্জয়ে একেলগে হেৰুৱালে মাক–দেউতাকক

ধুবুৰীত শোকাৱহ দুৰ্ঘটনা।
গোলকগঞ্জৰ বিছনদৈ গাৱৰ ৰঞ্জিত কৰ্মকাৰে নিজ পত্নী পুত্ৰ সহ বিলাসীপাৰাৰ পৰা আহি থাকোতে সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দিল্লীৰ কাপোৰৰ কোম্পানীত চাকৰি কৰা বিছনদৈৰ ৰঞ্জিত কৰ্মকাৰে নিজৰ খুড়া শহুৰেকৰ স্বাস্থ্যৰ খবৰ লৈ উভতি আহোতে পত্নীৰ সৈতে প্ৰাণ হেৰুৱালে।
দীৰ্ঘদিন ধৰি বিলাসীপাৰা নিৱাসী ৰঞ্জিতৰ খুড়া শহুৰেক গুৰুতৰ বেমাৰত বেয়াকৈ অসুস্থ হৈ আছিল ৷ লকডাউনৰ পূৰ্বে নিজৰ ঘৰলৈ আহিছিল ৰঞ্জিত কিন্তু লকডাউনৰ কাৰণে খুড়া শহুৰেকক চাবলৈ যাব পৰা নাছিল ৷ কিন্তু শেহতীয়াকৈ লকডাউন কিছু শিথিল কৰাত বিলাসীপাৰাৰ খুড়া শহুৰেৰ ঘৰলৈ গৈছিল সপৰিয়ালে ৷
পৰিয়ালৰ লোকে সমীপৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ চিকিৎসালয়লৈ দুয়োকে নিয়ে যদিও ৰঞ্জিত কৰ্মকাৰ আৰু তেওৰ পত্নী বৰ্ণালীয়ে মৃত্যুৰে যুঁজি হাৰ মানে। পিতৃ–মাতৃ দুয়োকে একেলগে হেৰুৱাত ঘাটমাউৰা হৈ পৰে চাৰিবছৰীয়া পুত্ৰ ৰনঞ্জয় কৰ্মকাৰ ৷ এই দুৰ্ঘটনাই শোকাকুল কৰিছে সমগ্ৰ ধুবুৰীবাসীক।