২০২১ৰ শিক্ষাবৰ্ষ আৰম্ভ হ’ব এপ্ৰিলৰ পৰা মাৰ্চলৈ! মেট্ৰিকৰ ফলাফলৰ পৰা আৰম্ভ কৰি জানক সকলো কথা

FILE PHOTO
ৰাজ্য চৰকাৰৰ শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰ মাহৰ পৰিৱৰ্তে এপ্ৰিল-মাৰ্চ মাহত কৰাৰ প্ৰায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে।
- News18 Assam
- Last Updated: May 14, 2020, 5:17 PM IST
ৰাজ্য চৰকাৰৰ শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰ মাহৰ পৰিৱৰ্তে এপ্ৰিল-মাৰ্চ মাহত কৰাৰ প্ৰায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। অৱশ্যে এতিয়াও কিছু দল, সংগঠন, বিজ্ঞসকলৰ পৰামৰ্শৰ অপেক্ষাত আছে শিক্ষা বিভাগ। চি বি এছ ইৰ লেখিয়াকৈ ৰাজ্যৰ নতুন শৈক্ষিক বৰ্ষ এপ্ৰিল-মাৰ্চত কৰাৰ অধিকসংখ্যক পৰামৰ্শ যদিহে আহে, তেন্তে আগন্তুক ২০২১ বৰ্ষৰ পৰা অসমত এপ্ৰিল-মাৰ্চৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষ।
ইয়াৰ বাবে, অসম মাধ্যমিক শিক্ষা পৰিষদে মুকলি কৰা অনলাইন ৱেবছাইট http//sebaonline.orgত সকলোৱে নতুন শিক্ষা বৰ্ষ সন্দৰ্ভত নিজৰ নিজৰ মন্তব্য আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে। আনহাতে, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই জাৰি কৰা জাননী অনুসৰি ১ জুলাইৰ পৰিৱৰ্তে এইবাৰ ১ মে’ৰ পৰা ৩১ মে’লৈ সকলো বিদ্যালয়–মহাবিদ্যালয়ত চলিব গৰমৰ বন্ধ।
তদুপৰি লকডাউনৰ সময়ত ৰাজ্যৰ শিক্ষা বিভাগে হাতত লৈছে আন এক পদক্ষেপ। সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা স্নাতক বৰ্ষৰ শিক্ষাৰ্থীসকলে ৰচনা, কবিতা, চুটিনোট লিখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। য’ত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক জিলা আৰু ৰাজ্যিক পৰ্যায়ত পুৰস্কৃত কৰিব শিক্ষা বিভাগে।
একেদৰে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলেও লকডাউনৰ সময়ত কবিতা, গল্প আৰু বিভিন্ন শিতানত অংশগ্ৰহণ কৰিব পাৰিব আন এক প্ৰতিযোগিতাত। যাৰ জৰিয়তে শ্ৰেষ্ঠ হোৱাসকলক পুৰস্কৃত কৰিব শিক্ষা বিভাগে। তদুপৰি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল পিডিএফ ফাইলৰ জৰিয়তে প্ৰকাশ কৰিব বুলি সদৰি কৰিছে শিক্ষা বিভাগৰ আয়ুক্ত সচিবগৰাকীয়ে।
ইফালে, সময়মতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল প্ৰকাশ কৰাৰ পিছত শিক্ষাৰ্থীসকলে লাভ কৰিব ডিজিটেল মাৰ্কশ্বিট। এই ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। আনহাতে অহা ২৬ মে’ৰ পৰা ২৮ মে’লৈ ৰাজ্যত বিতৰণ কৰা হ’ব দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি। ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথি।