বৰষুণৰ কাৰণে যথেষ্ট হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী মজুত ৰখা হৈছিল, ম’বাইলৰ লাইটেৰে পানী শুকুৱাৰ প্ৰসংগও উল্লেখ ACAৰ, শুনক আৰু কি কি ক’লে?

News18 Assam | News18-Assam
Updated:January 6, 2020, 8:03 PM IST
বৰষুণৰ কাৰণে যথেষ্ট হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী মজুত ৰখা হৈছিল, ম’বাইলৰ লাইটেৰে পানী শুকুৱাৰ প্ৰসংগও উল্লেখ ACAৰ, শুনক আৰু কি কি ক’লে?
মানুহে নজনা প্ৰটকলৰ কথা জনালে এচিএৰ সম্পাদকে। দায় সাৰিলে সভাপতি ৰমেন দত্তইও।

মানুহে নজনা প্ৰটকলৰ কথা জনালে এচিএৰ সম্পাদকে। দায় সাৰিলে সভাপতি ৰমেন দত্তইও।

  • Share this:
নাও বুৰিলেও টিঙৰ পৰা নানামে অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তা। নিজৰ অনভিজ্ঞতাৰ বাবে গুৱাহাটীত বাতিল হ’ল ভাৰত শ্ৰীলংকাৰ মাজৰ আইচিচি টী-২০ খেল। হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰীৰে পিটছ শুকুৱাবলৈ গৈ বিশ্ববাসীৰ সন্মুখত চিৰদিনৰ বাবে অসম লজ্জিত হোৱাক লৈ এচিএৰ আজৱ প্ৰতিক্ৰিয়া। আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অসমক লৈ ধাৰাষাৰ বিদ্ৰুপ হোৱাক লৈ অকনো অনুশোচনা নাই বিত্তশালী সংগঠনটোৰ এচাম কৰ্মকৰ্তাৰ। অসম ক্ৰিকেটৰ সম্পাদক দেৱজিৎ শইকীয়াৰ মতে পিটছ শুকুৱাবলৈ কিউৰেটৰৰ প্ৰট’কলত পৰে চুলি শুকোৱা হেয়াৰ ড্ৰায়াৰ আৰু ইস্ত্ৰী, সেয়ে দিনৰ ভাগত হোৱা বৰষুণ দেখি তেওলোকে মজুত ৰাখিছিল বহুসংখ্যক হেয়াৰ ড্ৰায়াৰ আৰু ইষ্ট্ৰী।

বিগত ৭০ বছৰে টীম ইন্ডিয়াৰ বাবে এজনো অসমৰ ক্ৰিকেটাৰ জম্ম দিব নোৱাৰা অসম ক্ৰিকেটে বৰষুণ থমকাৰ পিছতো পিছতো খেল পাতিব নোৱাৰি আন বহু যুক্তি দাঙি ধৰিলে। এচিএৰ সম্পাদকৰ আন এক অদ্ভুত যুক্তি ৰাইজে দেওবাৰে নিশা নিজৰ নিজৰ মোবাইলৰ টৰ্চ লাইটৰ পোহৰেদিয়ো হেনো পিটছ শুকুৱাবলৈ চেষ্টা কৰিছিল।


 সম্পাদক দেৱজিত শইকীয়াৰ লগতে সভাপতি ৰমেন দত্তইও উল্লেখ কৰিলে কোনো দোষ নাই এচিএৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি