ৰে’লযাত্ৰীৰ বাবে সুখবৰ! ৰাজ্যৰাণী ৰে’লত সংযোজিত হ’ব এ চি ডবা

News18 Assam | News18-Assam
Updated:November 29, 2019, 8:12 AM IST
ৰে’লযাত্ৰীৰ বাবে সুখবৰ! ৰাজ্যৰাণী ৰে’লত সংযোজিত হ’ব এ চি ডবা
বৰ্তমানে উক্ত ৰে’লখনত দ্বিতীয় শ্ৰেণীৰ ডবাৰ লগতে এটা শ্লিপাৰ ডবা আছিল।

বৰ্তমানে উক্ত ৰে’লখনত দ্বিতীয় শ্ৰেণীৰ ডবাৰ লগতে এটা শ্লিপাৰ ডবা আছিল।

  • Share this:
পশ্চিম বংগৰ লগতে নামনি আৰু মধ্য অসম সংযোগী একমাত্ৰ দ্ৰুতগতিৰ ট্ৰাই উইকলি ৰে’ল ৰাজ্যৰাণী এক্সপ্ৰেছত সংযোজন কৰা হ’ব এ চি ডবা। ৮ ডিচেম্বৰৰ পৰা এই সেৱা আৰম্ভ কৰা হ’ব বুলি সদৰি কৰিছে উত্তৰ–পূব ৰে’লৱে কতৃপক্ষই। বৰ্তমানে উক্ত ৰে’লখনত দ্বিতীয় শ্ৰেণীৰ ডবাৰ লগতে এটা শ্লিপাৰ ডবা আছিল।

ধুবুৰী চেম্বাৰ্ছ এণ্ড কৰ্মাচৰ সভাপতি ভাগৱতী বাজাজে দীৰ্ঘদিনীয়া এই দাবী পুৰণ হোৱাত ৰে’লৱে কৰ্তৃপক্ষক ধন্যবাদ জনোৱাৰ লগতে ৰাজ্যৰাণী এক্সপ্ৰেছ ৰে’লখন দৈনিক চলাচল কৰাৰ বাবেও দাবী জনাইছে।

বৰ্তমানে উক্ত ৰে’লখন ধুবুৰীৰ পৰা দেওবাৰ, মঙলবাৰ আৰু শুকুৰবাৰে যাত্ৰা কৰাৰ বিপৰীতে শিলঘাটৰ পৰা সোমবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে যাত্ৰা কৰে। কিন্ত ধুবুৰী ৰে’ল ষ্টেচনত ৰে’লখন পৰিষ্কাৰ কৰাৰ লগতে ষ্টাফৰ থকাৰ কোনো ব্যৱস্থা নাই। ফলস্বৰূপে ৰে’লখন বৰ্তমানে ধুবুৰী আহি পোৱাৰ পিছত পুনৰ পেছেঞ্জাৰ হিচাপে পশ্চিম বংগৰ আলিপুৰদুৱাৰলৈ যাত্ৰা কৰে। সন্ধিয়া পুনৰ পেছেঞ্জাৰ হিচাপে আলিপুৰদুৱাৰৰ পৰা ঘূৰি আহি ধুবুৰীৰ পৰা শিলঘাটলৈ যাত্ৰা কৰে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি