• Home
  • »
  • News
  • »
  • assam
  • »
  • ABVP | Jayanta Malla Baruah : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিলে ABVPয়ে, শিক্ষাৰ সলনি নিজৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাই ক'লে– "...আমি তেওঁক প্ৰশিক্ষণ দিব পাৰোঁ।''

ABVP | Jayanta Malla Baruah : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিলে ABVPয়ে, শিক্ষাৰ সলনি নিজৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাই ক'লে– "...আমি তেওঁক প্ৰশিক্ষণ দিব পাৰোঁ।''

গুৰুত্বপূৰ্ণ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই গোটেই বিষয়টোক লৈ সাংবাদিকৰ ওপৰত ৰুষ্ট হোৱা দেখা যায়।

গুৰুত্বপূৰ্ণ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই গোটেই বিষয়টোক লৈ সাংবাদিকৰ ওপৰত ৰুষ্ট হোৱা দেখা যায়।

গুৰুত্বপূৰ্ণ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই গোটেই বিষয়টোক লৈ সাংবাদিকৰ ওপৰত ৰুষ্ট হোৱা দেখা যায়।

  • Share this:
ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি অংক আৰু বিজ্ঞানৰ পাঠদানত ইংৰাজী ভাষাৰ পৰিৱৰ্তে মাতৃভাষাত ব্যৱহাৰৰ বাবে ৰাজ্যৰ আন সংগঠনৰ দৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও দাবী জনাইছিল। এই বিষয়ে মুখ্যমন্ত্ৰীকে ধৰি শিক্ষামন্ত্ৰীক এক বিবৃতিযোগে আহ্বান জনাইছিল সংগঠনটোৱে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই দাবীৰ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংগঠনটোক অশোভনীয় মন্তব্য কৰি চূড়ান্তভাৱে অপমান কৰে। সংগঠনটোৱে ইয়াকে লৈ মন্ত্ৰী বৰুৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পিছত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এ বি ভি পিৰ কাৰ্যকৰ্তাৰ মনত দুখ পোৱা বাবে তেওঁ দুখিত বুলি প্ৰকাশ কৰে।

কিন্তু ইয়াৰ পিছত পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মন্ত্ৰীগৰাকী সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত সংগঠনটোৱে মন্ত্ৰীগৰাকীক শিক্ষাৰ বিষয়টোৰ প্ৰতি চিন্তা নকৰি তেওঁৰ নিজৰ বিভাগীয় বিষয়ত মনোনিৱেশ কৰাৰ আহ্বান জনায়। দীঘলীয়া বিবৃতিটোত লগতে উল্লেখ কৰে এইদৰে – ''এবিভিপি এনে এক অনন্য ছাত্র সংগঠন য’ত ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীসকলে একেলগে নিজৰ অনন্য কার্যপদ্ধতি দলীয় ৰাজনীতিৰ ওপৰলৈ উঠি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত স্বতন্ত্র সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে মাননীয় মন্ত্ৰীগৰাকীৰ যদি বিদ্যাৰ্থী পৰিষদৰ বিষয়ে জ্ঞান নাথাকে তেন্তে আমি তেওঁক প্ৰশিক্ষণ দিব পাৰোঁ।''

সংগঠনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায় কয়– ''এজন জনপ্রতিনিধিয়ে এনে তৰল শব্দ ব্যৱহাৰ কৰাটোৱে তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে আৰু অসম ৰাজ্যৰ বাবে দুর্ভাগ্যজনক। এবিভিপিৰ ৰাজ্যিক সম্পাদক শ্রী সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ মন্ত্ৰীক মৰ্যাদা পালন কৰি থাকিবলৈ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি ১০০ শতাংশ ৰূপায়ণৰ বাবে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনাইছে।''

উল্লেখ্য, বিদ্যাৰ্থী পৰিষদে আনকি ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত মন্ত্ৰী–বিধায়কসকলক ভালদৰে অৱগত হ'বলৈ মুখ্যমন্ত্ৰীক কৰ্মশালাৰ আয়োজন কৰিবলৈও আহ্বান জনায়। সংগঠনটোৱে কয়– ''প্রাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে বুলি বিষয়টোত বিদ্যার্থী পৰিষদৰ এটা স্পষ্ট মতামত আছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP) ৰূপায়ণ সমিতিৰ অধ্যক্ষ, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আশা কৰা হৈছে যে কেবিনেট মন্ত্রী, বিধায়ক আৰু ইয়াৰ সৈতে জড়িত সকলো লোককে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সঠিক আৰু বিশদতাৰ বাবে সভা, কৰ্মশালাৰ আয়োজন কৰিব।''



অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্র দেশতে প্ৰতিষ্ঠা হোৱাৰ ৭৫ বছৰ উদযাপন কৰি থকাৰ সময়তে অসম চৰকাৰৰ এজন কেবিনেট মন্ত্রীয়ে বিদ্যাৰ্থী পৰিষদক লৈ অশুভ মন্তব্য কৰাটো দুর্ভাগ্যজনক বুলি আখ্যা দিয়ে।

গুৰুত্বপূৰ্ণ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই গোটেই বিষয়টোক লৈ সাংবাদিকৰ ওপৰত ৰুষ্ট হোৱা দেখা যায়। তেওঁ ফেচবুক পোষ্টত উল্লেখ কৰে– ''এখনস্বাক্ষৰ বিহীন পত্ৰক লৈ বিতৰ্ক কৰি থকাৰ প্ৰয়োজন নাই বুলি কৈ থকাৰ পিছতো বাৰে বাৰে ইচ্ছাকৃত ভাবে ABVP আৰু আমাৰ চৰকাৰখনৰ মাজত যেন এটি সংঘাত হৈছে তাক প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰি থাকে আৰু তেতিয়াই মই সাংবাদিকজনক কৈছিলো যে সাংবাদিকে সাংবাদিকতাৰ নূন্যতম Ethics জনা উচিত আৰু সেইখন যিহেতু স্বাক্ষৰবিহীন এটা বিবৃতি পত্ৰ সেয়ে সেইখন পত্ৰ সংগঠনৰে বিবৃতি নে চোৰ ডকাইতৰ বিবৃতি কোনে জানে।''



উল্লেখ্য, বিবৃতিটো ২৩ আগষ্টত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সহঃ কাৰ্যালয় সম্পাদক ৰুবুল ৰাজখোৱাৰ নামত প্ৰকাশ কৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি