মাতৃভাষাত প্ৰাথমিক শিক্ষা দিয়াৰ দাবীত আজি হাইলাকান্দিত প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। আজি হাইলাকান্দিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভ্ৰমণৰ সময়ত এই প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে ।
তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ অন্তিম দিনত আজি হাইলাকান্দিত উপস্থিত হয় ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্ব প্ৰাপ্ত মন্ত্ৰী ডঃ ৰণোজ পেগু। হাইলাকান্দিত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক সভাত মিলিত হয় মন্ত্ৰীগৰাকী।
উল্লেখযোগ্য যে, অহা ৮ অক্টোবৰত হ'বলগীয়া অমিত শ্বাহৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে হাইলাকান্দিত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। ইপিনে, মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে সভাস্থলীৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে। ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অসমতো প্ৰাথমিক শিক্ষা মাতৃভাষাত দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে এবিভিপি সদস্যসকলে। লগতে জিলাৰ বিভিন্ন শিক্ষা অনুষ্ঠানত চলা সমস্যা সমাধানৰ দাবীতো এই প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জনায় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে।
Published by: Subham Goswami
FIRST PUBLISHED : September 29, 2022, 15:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।