NRC প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে NRCৰ সম্পূৰ্ণ পুনৰীক্ষণ কৰি বিদেশীমুক্ত NRC প্ৰস্তুত কৰাৰ দাবীৰে সোমবাৰে গুৱাহাটীৰ ৰাজপথ কঁপালে ABVP–এ৷ উলুবাৰী খেলপথাৰৰ পৰা সংগঠনটোৱে উলিয়ালে বিশাল প্ৰতিবাদী সমদল। প্ৰতীক হাজেলাৰ বিৰুদ্ধে শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে কঁপালে ৰাজপথ। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, প্ৰতীক হাজেলাই অসমীয়াৰ আবেগ–অনুভূতিক বিক্ৰী কৰি NRCত নাম অন্তৰ্ভুক্ত কৰিছে বহু বিদেশীৰ৷ উলুবাৰীৰ পৰা সমদল কৰি আহি NRCৰ ৰাজ্যিক কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতীক হাজেলালৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 19, 2019, 14:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|