কোকৰাঝাৰ মাৰপিট কাণ্ডৰ নতুন মোৰ! সুধাকণ্ঠৰ জন্মদিনৰ চৰকাৰী অনুষ্ঠানত বাৰ গাৰ্লৰ উদ্দাম নৃত্যৰ ভিডিঅ’ ফাদিল

অনুষ্ঠানৰ মাজতে বাহিৰলৈ চোঁচৰাই আনি নিৰাপত্তাৰক্ষীৰ সন্মুখতে কাৰ্যবাহী দণ্ডাধীশজনক প্ৰহাৰ কৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে

News18-Assam
Updated:September 28, 2019, 12:52 PM IST
কোকৰাঝাৰ মাৰপিট কাণ্ডৰ নতুন মোৰ! সুধাকণ্ঠৰ জন্মদিনৰ চৰকাৰী অনুষ্ঠানত বাৰ গাৰ্লৰ উদ্দাম নৃত্যৰ ভিডিঅ’ ফাদিল
অনুষ্ঠানৰ মাজতে বাহিৰলৈ চোঁচৰাই আনি নিৰাপত্তাৰক্ষীৰ সন্মুখতে কাৰ্যবাহী দণ্ডাধীশজনক প্ৰহাৰ কৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে
News18-Assam
Updated: September 28, 2019, 12:52 PM IST
কোকৰাঝাৰত আৰক্ষী অধীক্ষকৰ দাদাগিৰিৰ ঘটনাৰ বিস্ফোৰক তথ্য ফাদিল। সুধাকণ্ঠ ভূপেন হাজৰিকাক চৰম অপমান কোকৰাঝাৰ জিলা প্ৰশাসনৰ। সুধাকণ্ঠৰ জন্মদিন উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত শিলিগুৰিৰ পৰা আমদানী কৰা বাৰ গাৰ্লৰ উদ্দাম নৃত্য প্ৰদৰ্শন।

জিলা প্ৰশাসনে হোটেলখনত আয়োজন কৰিছিল সাংস্কৃতিক অনুষ্ঠান আৰু নৈশভোজৰ।
অনুষ্ঠানত উপস্থিত আছিল জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো।  এই অনুষ্ঠানতে পৰিৱেশন কৰা হৈছিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল ৰাজহ বিভাগৰ এগৰাকী মহিলা বিষয়াই। মহিলা বিষয়াগৰাকীৰ সংগীতানুষ্ঠানত তবলা বজাইছিল প্ৰহৃত কাৰ্যবাহী দণ্ডাধীশ শৈলেন দাসে। অনুষ্ঠানৰ মাজতে বাহিৰলৈ চোঁচৰাই আনি নিৰাপত্তাৰক্ষীৰ সন্মুখতে কাৰ্যবাহী দণ্ডাধীশজনক প্ৰহাৰ কৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি