প্ৰশাসনে বৰবাৰীৰ লিচাঙৰ ৯১টা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰিছে, আৰু ১০টা পৰিয়ালক স্ব-ইচ্চাই ভূমি ত্যাগ কৰিবলৈ জাননী দিছে।
প্ৰশাসনে বৰবাৰীৰ লিচাঙৰ ৯১টা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰিছে, আৰু ১০টা পৰিয়ালক স্ব-ইচ্চাই ভূমি ত্যাগ কৰিবলৈ জাননী দিছে।
গুৱাহাটীৰ বৰবাৰীৰ লিচাঙৰ উচ্ছেদিতসকলৰ কাষত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, ট্ৰাইবেল সংঘ আৰু টিএমপিকেৰ প্ৰতিনিধি। ১৩ মে’ত মহানগৰী প্ৰশাসনে কোনো জাননী নিদিয়াকৈ বৰবাৰীৰ লিচাঙত উচ্ছেদ অভিযান চলাইছিল। প্ৰশাসনৰ এই উচ্ছেদক অমানবীয়তা আৰু বৰ্বৰতা আখ্যা দিছে এবছুৰ মুৰব্বী দ্বিপেন বড়োৱে।
"আমি এবছু, ট্ৰাইবেল সংঘ আৰু টিএমপিকে বৰবাৰীৰ লিচাঙৰ উচ্ছেদিতসকলৰ কাষত আছো, আমি সমগ্ৰ ঘটনাক এবছুৱে ধিক্কাৰ দিছো।" – এই মন্তব্য এবছুৰ মুৰব্বী দ্বিপেন বড়োৰ।
উল্লেখযোগ্য যে প্ৰশাসনে বৰবাৰীৰ লিচাঙৰ ৯১টা পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰিছে, আৰু ১০টা পৰিয়ালক স্ব-ইচ্চাই ভূমি ত্যাগ কৰিবলৈ জাননী দিছে। এইক্ষেত্ৰত খিলঞ্জীয়া, ভূমিপুত্ৰৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ’ব বুলিও কয় সংগঠন তিনিটাৰ নেতৃত্বই। এবছুৰ সভাপতি দ্বিপেন বড়োৱে দ্বিতীয়বাৰলৈ পৰ্যবেক্ষণ কৰে বৰবাৰীৰ উচ্চেদিত অঞ্চল। ৯১টা পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীক অৱগত কৰে এবছুৰ মুৰব্বীয়ে। এবছু, টিএমপিকেই পুনৰ সংস্থাপন, ক্ষতিপূৰণ আৰু উচ্ছেদকাৰ্য বন্ধ কৰাৰো দাবী জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|