BTR চুক্তিৰ স্বাৰ্থতেই বিটিচি নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLলৈ মুকলি সমৰ্থন এবছুৰ

কোভিড প্ৰটকল মানি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে এবছুৱে।
কোভিড প্ৰটকল মানি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে এবছুৱে।
- News18 Assam
- Last Updated: September 21, 2020, 10:57 AM IST
বড়ো চুক্তি কাৰ্যকৰী কৰাৰ বাবে ২০০৫ চনত হাগ্ৰামাক সমৰ্থন দিছিল এবছুৱে। হাগ্ৰামাই ১৫ বছৰে সেই বড়ো চুক্তি কাৰ্যকৰী নকৰিলে। এই অভিযোগ তোলা দ্বিপেন বড়োৰ স্পষ্ট মত, বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটাই এইবাৰ বিটিআৰ চুক্তিৰ স্বাৰ্থত এবছুৱে সমৰ্থন দিছে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLক।
কোভিড প্ৰটকল মানি বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে এবছুৱে। BPF–এ বড়োভূমিত ভয়াবহ হাৰত দুৰ্নীতি সংঘটিত কৰিছে বুলি অভিযোগ তোলে নিখিল বড়ো ছাত্ৰ সন্থাই। ইফালে সৌ সিদিনা বিপিএফত যোগ দিয়া অঞ্জলি দৈমাৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে এবছুৰ সভাপতিগৰাকীয়ে। BTR চুক্তি কাৰ্যকৰীৰ বাবে যুঁজ দিয়া অঞ্জলি দৈমাৰীয়ে বিটিআৰ চুক্তি কাৰ্যকৰী নকৰো বুলি কোৱা হাগ্ৰামাৰ লগত যোগ দি নিজে স্ববিৰোধী স্বিতিত উপনীত হৈছে বুলি কয় এবছুৱে।