কাশিকোত্ৰা আঞ্চলিক এবছুৰ কাৰ্যালয়ৰ পৰা সমদল উলিয়াই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে ৷ প্ৰতিবাদকাৰীসকলে 'ধন দাবী - ডকাইতি বন্ধ কৰক ' , 'ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক’ , ' আমাক লাগে শান্তি’ আদি শ্লোগানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (ABSU protested at Chirang demand for safety of the people)৷ প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ উপৰি আছু , আক্ৰাছু , চাওতাল ছাত্ৰ সন্থা , বেংগলী ফেডাৰেচন আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ৷
উল্লেখ্য যে যোৱা শনিবাৰে কাশিকোত্ৰাৰ এজন ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি লক্ষাধিক টকা লুট কৰি নিয়ে ৷ ইয়াৰ পূৰ্বেও জিলা আমটেকা , মালিভিটা আদি স্থানত ধন লুট আৰু গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ৷ এনেক্ষেত্ৰত দল-সংগঠনসমূহে ৰাইজৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনাই ৰাজপথলৈ ওলাই আহে ৷
জিলাখনত ধাৰাবাহিকভাৱে ডকাইতিকে ধৰি অপৰাধমূলক ঘটনা বৃদ্ধি পাই অহাৰ সময়ত আৰক্ষীয়ে ইয়াৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰিব নোৱাৰা কাৰ্যক সমালোচনা কৰে এৱছুৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে ৷