• Home
  • »
  • News
  • »
  • assam
  • »
  • হাগ্ৰামা পত্নীৰ বাথৌ খেৰাই ফেমিলী ৰিজ'ৰ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত চিৰাঙত প্ৰতিবাদ এবছুৰ

হাগ্ৰামা পত্নীৰ বাথৌ খেৰাই ফেমিলী ৰিজ'ৰ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত চিৰাঙত প্ৰতিবাদ এবছুৰ

প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ আক্ৰাছু, ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভাৰ নেতৃবৰ্গয়ো অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ আক্ৰাছু, ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভাৰ নেতৃবৰ্গয়ো অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ আক্ৰাছু, ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভাৰ নেতৃবৰ্গয়ো অংশগ্ৰহণ কৰে ৷

  • Share this:
চিৰাঙত এবছুৰ উত্তাল প্ৰতিবাদ ৷ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পত্নী চিউলী মহিলাৰী মালিকানাধীন বাথৌ খেৰাই ফেমিলী ৰিজ'ৰ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেহতীয়াভাৱে চিৰাঙৰ শ্যামন্থাইবাৰীত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ৰিজ'ৰ্টখনত আয়োজিত নৈশ পাৰ্টীত দুই বড়ো যুৱতীৰ শ্লীলতাহানিৰ দৃশ্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ৷

ইয়াৰ পিছতে ৰিজ'ৰ্টখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এৱছু ৷ ৰিজ'ৰ্টখনত মদ–ড্ৰাগছ আদিৰ পয়োভৰ ঘটাৰ লগতে সঘনাই আয়োজিত হোৱা নৈশ ডিজে পাৰ্টী বন্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে সংগঠনটো ৷ মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত সংগঠনটোৱে ৰিজ'ৰ্টখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাজলগাঁও বজাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে সংগঠনটোৱে প্ৰতিবাদী সমদলো উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে সমদল কৰি উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷  ৰিজ'ৰ্টখনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে সংগঠনটোৱে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰ আক্ৰাছু, ট্ৰাইবেল সংঘ, বড়ো সাহিত্য সভাৰ নেতৃবৰ্গয়ো অংশগ্ৰহণ কৰে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি