ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত চিৰাং জিলা সদৰ কাজলগাঁৱত এবছুৰ উদ্যোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ শেহতীয়াভাৱে চিৰাঙত সংঘটিত নিৰীহ যুৱকৰ হত্যা আৰু ডকাইতি কাণ্ড বন্ধৰ দাবী সংগঠনৰ ৷ সংগঠনটোৱে চৰকাৰক সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান জনাই বিভিন্ন শ্লোগানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷
সংগঠনটোৱে হত্যা আৰু ডকাইতি কাণ্ডৰ ঘটনা উপযুক্ত তদন্তৰ জৰিয়তে চিনাক্ত কৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ, ভুক্তভোগী পৰিয়ালৰ ৫০ লাখ টকাৰ চৰকাৰী ক্ষতিপূৰণ আদায়, ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
উল্লেখ্য, মঙলবাৰ নিশা ঢালিগাঁও থানাৰ অন্তৰ্গত কিষাণ বজাৰত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হোৱা বৰ্বৰ হত্যাকাণ্ড আৰু আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা আনন্দ বজাৰ এলেকাত দুৰ্বৃত্তৰ দ্বাৰা মাৰণাস্ত্ৰ দেখুৱাই লুণ্ঠন কৰা ঘটনা সংঘটিত হৈছিল। সেয়ে এবছুৱে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বিচাৰি দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|